এইবাৰ এগৰাকী ব্লু ফিল্মৰ অভিনেত্রীক প্রায় ৩৩ লাখ টকা দিব লাগিব ডোনাল্ড ট্রাম্পে। এখন মার্কিন আদালতে এই নির্দেশ দিছে। ষ্টর্মি ডেনিয়েলছ নামৰ এইগৰাকী পৰ্ণ ষ্টাৰে দাবী কৰিছে, ট্রাম্পৰ সৈতে তেওঁৰ সম্পর্ক আছিল। অৱশ্যে ট্রাম্পে এই বিষয়টো অস্বীকাৰ কৰিছে।
চিএনএন-ৰ এক ৰিপোর্টত কোৱা হৈছে, ৪১ বছৰীয়া ষ্টর্মি ডেনিয়েলছে ট্রাম্পৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। পিছত সেই গোচৰ বাতিল কৰা হয়। এইবাৰ আদালতে জনাইছে, বিচাৰৰ সময়ত ডেনিয়েলৰ যি ধন খৰচ হৈছিল সেয়া ট্রাম্পে দিব লাগিব।
কেলিফোর্নিয়াৰ আদালতে ট্রাম্পক ৩৩ লাখ টকা দিয়াৰ নির্দেশ দিছে। ডেনিয়েলছৰ অধিবক্তাই আদালতৰ এই সিদ্ধান্তৰ কথা জনাইছে। ৰায়ৰ পিছত ষ্টর্মি ডেনিয়েলে টুইট কৰি লিখে, আৰু এক জয়!
উল্লেখ্য যে ট্রাম্পৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত ষ্টর্মি ডেনিয়েলছে এখন কিতাপো লিখিছিল, য’ত ট্রাম্পৰ সৈতে তেওঁৰ সম্পর্কৰ কথা প্রকাশ্যে লিখে। এই কিতাপখনক লৈ সেই মুহূর্তত তুমুল চর্চা হৈছিল।
ডেনিয়েলছৰ বিস্ফোৰক দাবী, ট্রাম্পৰ সৈতে তেওঁৰ সম্পর্কৰ বিষয়ে মনে মনে থকাৰ বাবে তেওঁক ধন দিয়া হৈছিল। ডেনিয়েলছৰ দাবী, ২০০৬ চনত তেওঁৰ সৈতে সম্পর্ক আছিল ট্রাম্পৰ। কিন্তু ট্রাম্পে নিজে সকলো সময়তে এই কথা অস্বীকাৰ কৰি আহিছে।










