ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এজন অৱসপ্ৰাপ্ত অধ্যক্ষৰ মহানুভৱতা। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বৰ্তমান শঙ্কৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ শৰ্মাই গাঁঠিৰ ধন ভাঙি বনালে পকী পদপথ।
প্ৰায় ডেৰলক্ষাধিক টকা খৰচ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নাম ঘৰৰ চাৰিওফালে ২৬৭ মিটাৰ দৈৰ্ঘ্যৰ এটি পদপথ নিৰ্মাণ কৰি দিয়ে অধ্যক্ষ গৰাকীয়ে। দেওবাৰে পুৱা ১০.০০ বজাত আনুষ্ঠানিকভাৱে পথটো মুকলি কৰে অধ্যক্ষগৰাকীয়ে।
অধ্যক্ষ গৰাকীয়ে ভাষণ প্ৰসঙ্গত ভৱিষ্যতে আৰু অধিক সহায় সহযোগিতা আগবঢ়াই যাব বুলি মত পোষণ কৰে।এই অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশী, আঞ্চলিক শাখাৰ সভাপতি দিপেন্দ্ৰ বৰবৰুৱা, সম্পাদক প্ৰভাত শইকীয়া, প্ৰাথমিক শাখা সমূহৰ সভাপতি, সম্পাদকসহ বাপ আইমাতৃসকল।













