ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলঙত ভয়াবহ ক’ৰোণাৰ গণ সংক্ৰমণ! একেদিনাই ডিফুত ৪৯ আৰু বকলিয়া ঘাটত ১৬গৰাকী লোকৰ দেহত কোভিড পজিটিভৰ বাতৰিয়ে জিলাখনত ভয়াবহ গণ সংক্ৰমণৰ ইংগিত বহন কৰিছে ৷ আনহাতে জিলাখনৰ বিভিন্ন স্থানত সামগ্ৰিক ভাবে একে দিনা ৯০ জনৰ দেহত ক’ভিড ১৯ৰ অৱস্থিতি ধৰা পৰিছে ৷
কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত মহামাৰী ক’ৰোণাৰ গণ সংক্ৰমণ৷ কেৱল শনিবাৰৰ দিনটোতে ১৬ গৰাকী শিক্ষক আৰু ব্যৱসায়ীৰ দেহত ধৰা পৰিল কোভিড-১৯ পজিটিভ। উল্লেখ্য যে বকলীয়াঘাটৰ ইউনাইটেড কাৰ্বি ক্লাব আৰু ৰূকাছেন কলেজত শনিবাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছিল৷ বিশেষকৈ চৰকাৰী নিৰ্দেশ অনুযায়ী শিক্ষকসকলে ৰূকাছেন কলেজত ৰেপিড টেষ্ট কৰাইছিল৷ উক্ত কোভিড-১৯ পৰীক্ষা কেন্দ্ৰটোত ৯৯ গৰাকী শিক্ষকে ৰেপিড টেষ্ট কৰোৱাৰ অন্তত ৩ গৰাকীৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰে৷
আনহাতে, বকলীয়াঘাটৰ ইউনাইটেড কাৰ্বি ক্লাবৰ কোভিড-১৯ পৰীক্ষা কেন্দ্ৰটোত বিভিন্ন স্তৰৰ ১০৭ গৰাকী ব্যৱসায়ীয়ে ৰেপিড টেষ্ট কৰোৱাৰ অন্তত ১৩ গৰাকীৰ দেহত ধৰা পৰে ক’ৰোণাৰ অৱস্থিতি৷ ইয়াৰ ফলত কেৱল শনিবাৰৰ দিনটোতে মুঠ ১৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ, যিসকলৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত। এই খবৰৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সমগ্র বকলীয়াঘাট অঞ্চলত। বিশেষকৈ ব্যৱসায়ীসকলৰ দেহত মাৰাত্মক ক’ৰোণা ভাইৰাছৰ অৱস্থিতিয়ে এতিয়া সৰ্বস্তৰৰ লোককে চিন্তিত কৰি তুলিছে৷ ইয়াৰোপৰি ডিফু পৌৰ নিগমে ডিফু চহৰক ব্যৱসায়ী সকলক ক’ৰোণাৰ টেষ্ট বাধ্যতামূলক কৰাৰ বাবে ৰাইজে ক’ৰোণা টেষ্ট কৰিবলৈ হেঁতা- উপৰা লগা পৰিলক্ষিত হৈছে ৷













