![]()
নিউজ ডেস্কঃ
ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভিতৰত শীর্ষ বেংক হ’ল ভাৰতীয় ষ্টেট বেংক। ক’ৰোনা পৰিস্থিতিত এটাৰ পিছত আন এটা সুবিধা প্ৰদান কৰি গ্রাহকৰ স্বার্থত বহু কাম কৰিছে ষ্টেট বেংকে। এইবাৰ গ্রাহকৰ স্বার্থত আৰু এটি ডাঙৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে ষ্টেট বেংক।
এই মুহূর্তত দেশত হোৰাহোৰে বাঢ়ি আছে ক’ৰোনাৰ সংক্রমণ। বেংকসমূহত সামাজিক দূৰত্ব বিধি মানিবলগা হৈছে, যাৰ ফলত বেংকৰ প্রতিটো শাখাতেই যিকোনো কাম কৰিবলৈ বহু সময় অপেক্ষা কৰিবলগা হৈছে গ্রাহকে। লগতে, সামাজিক দূৰত্ব বিধি মানিও সুৰক্ষিত নহয় বেংক। একে সময়তে বিভিন্ন বেংকৰ শাখাৰ একাধিক কর্মী আক্রান্ত হোৱাৰ খবৰেও উদ্বেগ বঢ়াইছে।

সুৰক্ষিত নহয় এটিএমসমূহো। তাতো আছে সংক্রমণৰ আশঙ্কা। এই পৰিস্থিতিত আপোনাৰ ঘৰতে ধন উফলব্ধ কৰাব ষ্টেট বেংকে। এছবিআই সূত্রে জানিব পৰা মতে, এইটো কোনো অনলাইন ছর্ভিচ নহয়। ঘৰত বহিয়ে ফোন বা এছএমএছ কৰিলেই আপোনাৰ ঘৰৰ সন্মুখত উপস্থিত হ’ব ষ্টেট বেংকৰ ড’ৰষ্টেপ এটিএম ছার্ভিচ। তাৰ পৰাই উঠাব পাৰিব টকা। ইতিমধ্যেই লক্ষ্ণৌ চহৰত পৰীক্ষামূলকভাবে আৰম্ভ কৰা হৈছে এই সেৱা। পৰৱর্তী সময়ত সম্পূৰ্ণ দেশতে সেয়া উপলব্ধ কৰোৱাৰ পৰিকল্পনা এছবিআইৰ।
লগতে, ক’ৰোনাৰ পৰা হাত সাৰিবলৈ এটিএম ব্যৱহাৰৰ ক্ষেত্রতো বহু পৰামর্শ দিছে ষ্টেট বেংকে৷
১) আপুনি যদি এটিএমত গৈ দেখে যে এটিএম কোনোৱে ব্যৱহাৰ কৰিছে তেনেহ’লে শান্তভাবে অপেক্ষা কৰক, এটিএমত সোমাই নাযাব।
২) এটিএমৰ পৰা টকা উলিওৱাৰ পূৰ্বে বীজাণুমুক্ত কৰক। এটিএম ব্যৱহাৰৰ পিছতো হাত ছেনিটাইজড কৰক।
৩) যিমান পাৰি সংস্পর্শ এৰাই চলক। এটিএমত প্রবেশৰ সময়ত দৰ্জাৰ হেণ্ডেলবোৰ খোলাৰ বাবে ৰুমাল ব্যৱহাৰ কৰিব পাৰে।
৪) আপোনাৰ যদি জ্বৰ বাব হাঁচি-কাহ হৈ থাকে, তেতিয়াহ’লে এটিএম ব্যৱহাৰ এৰাই চলা ভাল। হাঁচি বা কাহৰ সময়ত আপোনাৰ মুখ আৰু নাক ঢাকি ৰাখক। হাঁচি বা কাহত ব্যৱহৃত টিছু পেপাৰখন এটিএমতে থৈ নাহিব। এটিএম লবিৰ ভিতৰত ব্যৱহৃত টিছু পেপাৰ আৰু মাস্ক পেলাই থৈ নাহিব। সংক্রমণ বিয়পি পৰাৰ সম্বাৱনা থাকি যায়।
৫) যিমান সম্ভৱ এটিএম এৰাই চলক। যদি লেনদেন নগদেৰে নহয় তেতিয়াহ’লে এটিএমলৈ নোযোৱাই ভাল। পৰিৱর্তে, এছবিআইৰ ডিজিটেল প্লেটফর্মবোৰ যেনে য়ুনো, আইএনবি, ভীম এছবিআই ইত্যাদি ব্যৱহাৰ কৰক৷











