![]()
নিউজ ডেস্কঃ
ভাৰতত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা ৩০ অতিক্ৰম কৰিলে। জানুৱাৰীৰ শেষৰ পৰা এই পর্যন্ত দেশত মুঠ ৩০ লক্ষ ৪৪ হাজাৰ ৯৪০ জনৰ নোভেল ক’ৰোনা সংক্রমিত হৈছে। দেওবাৰে প্রকাশিত কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যাই অই কথা প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজত সুস্থতাৰ হাৰে আশা জগাইছে। মুঠ সংক্রমিতৰ ভিতৰত ২২ লাখ ৮০ হাজাৰ ৫৬৬ জন ইতিমধ্যেই সুস্থ হৈ উঠিছে। অর্থাৎ এই মুহূর্তত দেশত সুস্থতাৰ হাৰ ৭৪.৯০ শতাংশ।
দৈনিক সংক্রমণৰ ক্ষেত্রত শনিবাৰে সর্বোচ্চ বৃদ্ধি পৰিলক্ষিত হয় দেশত। কালি দেশত নতুন আক্রান্ত ৬৯ হাজাৰ ৮৭৮ জনৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত সামান্য কমি হৈছে ৬৯ হাজাৰ ২৩৯। দৈনিক সংক্রমণত এই মুহূর্তত আমেৰিকা আৰু ব্রাজিলতকৈ আগত আছে ভাৰত। যোৱা ২৪ ঘণ্টাত আমেৰিকাত ৪৫ হাজাৰ ৮৭৩ জন নতুনকৈ সংক্রমিত হৈছে। ব্রাজিলত নতুনকৈ সংক্রমিত হৈছে ২০ হাজাৰ ৩২ জন।
মুঠ সংক্রমণৰ হিচাপত এই মুহূর্তত সমগ্ৰ বিশ্বত তৃতীয় স্থানত আছে ভাৰত। আমেৰিকাত এতিয়ালৈ ৫৬ লক্ষ ৬৭ হাজাৰ ১৭৯ জন আৰু ব্রাজিলত মুঠ আক্রান্তৰ সংখ্যা ৩৫ লক্ষ ৮২ হাজাৰ ৩৬২।
ইফালে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত মৃত্যু হৈছে ৯১২জন। সকলো মিলি দেশত এই পর্যন্ত ৫৬ হাজাৰ ৭০৬ জন কৰোনা ৰোগীৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈ হস্পিটেলৰ পৰা ঘৰলৈ ঘূৰিছে ৫৭ হাজাৰ ৯৮৯ জন ক’ৰোনা ৰোগী। যোৱা ২৪ ঘণ্টাত ৮ লক্ষ ১ হাজাৰ ১৪৭ জনৰ কৰোনা পৰীক্ষা হোৱাৰ বিপৰীতে সংক্রমণৰ হাৰ ৮.৬৪ শতাংশ।
মৃত্যুৰ হিচাপত এই মুহূর্তত বিশ্বত চতুর্থ স্থানত আছে ভাৰত। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, এতিয়ালৈ দেশত ৫৬ হাজাৰ ৭০৬ জন ক’ৰোনা ৰোগীয়ে প্রাণ হেৰুৱাইছে। তালিকাত শীর্ষত থকা আমেৰিকাত মুঠ মৃত্যুৰ সংখ্যা ১ লক্ষ ৭৬ হাজাৰ ৩৪৮। দ্বিতীয় স্থানত থকা ব্রাজিলত ১ লক্ষ ১৪ হাজাৰ ২৫০ জন আৰু তৃতীয় স্থানত থকা মেক্সিকোত এই পর্যন্ত প্রাণ হেৰুৱাইছে ৬০ হাজাৰ ২৫৪ জন কৰোনা ৰোগীয়ে।
দেশৰ ভিতৰত মহাৰাষ্ট্রতেই ক’ৰোনাৰ প্রকোপ সকলোতকৈ বেছি। ৰাজ্যখনত এই পর্যন্ত ৬ লক্ষ ৭১ হাজাৰ ৯৪২ জন কৰোনাত আক্রান্ত হৈছে। মৃত্যু হৈছে ২১ হাজাৰ ৯৯৫ জনৰ। তালিকাত দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ সংক্রমিতৰ সংখ্যা ৩ লক্ষ ৭৩ হাজাৰ, মৃত্যু হৈছে ৬ হাজাৰ ৪২০ জনৰ৷ তৃতীয় স্থানত থকা অন্ধ্রপ্রদেশত মুঠ ৩ লক্ষ ৪৫ হাজাৰ নোভেল ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩ হাজাৰ ১৮৯ জনৰ।










