
নিউজ ডেস্কঃ প্রাণঘাতী কৰোনা ভাইৰাছত বিপর্যস্ত সমগ্ৰ বিশ্ব। এই ভাইৰাছৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে আমেৰিকা, ব্রিটেইন, ব্রাজিল, ইঠালি, স্পেইন, মেক্সিকো আৰু ফ্রান্সৰ দৰে দেশ। বিশ্বৰ ২১৩খন দেশত একেলগে তাণ্ডৱ চলাইছে এই ভাইৰাছে।
কেতিয়া এই ভাইৰাছৰ পৰা মুক্তি হ’ব মানুহৰ? এতিয়া এই প্রশ্ন বিশ্বজুৰি।
ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থা এই বিষয়ত কোনো তথ্য নিদিলেও শুক্রবাৰে জনাইছে যে দুই বছৰৰ কম সময়ৰ ভিতৰতেই পৃথিৱীৰ পৰা কৰোনা ভাইৰাছ দূৰ কৰিব পৰা যাব। ১৯১৮ চনৰ স্পেনিছ ফ্লু’তকৈও দ্রুতভাৱে নিয়ন্ত্রণলৈ আনিব পৰা যাব বুলিয়েই আশাবাদী ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সম্পৰ্কীয় বিশেষ সংস্থাটি। এই খবৰ প্ৰকাশ কৰিছে আল জাজিৰা আৰু বিবিচিয়ে।
এই বিষয়ত বিশ্ব স্বাস্থ্য সংস্থাৰ মহা পৰিচালক টেড্রোছ আধানম ঘেব্রেইয়াছুছে কয়, ‘আমি আশা কৰিছো দুই বছৰৰ কম সময়ৰ ভিতৰতে কৰোনাক দূৰ কৰিব পৰা যাব। ১৯১৮ চনৰ স্পেনিছ ফ্লু’তকৈও দ্ৰুতভাৱে ইয়াক নিয়ন্ত্রণলৈ অনা যাব।’
তেওঁ লগতে জনায়, গ্লোবেলাইজেচন, নৈকট্য আৰু এখন দেশৰ সৈতে অন্য দেশৰ দ্রুততম যোগাযোগ ব্যৱস্থাৰ কাৰণেই বিদ্যুৎ গতিত বিশ্বব্যাপী কৰোনা ভাইৰাছ বিয়পি পৰিছে। স্পেনিছ ফ্লু’ৰ সময়ত এনেকুৱা এটা নাছিল। কিন্তু বিশ্বৰ ওচৰত এতিয়া পূৰ্বতকৈও বহু উন্নত প্রযুক্তি আছে। সহজভল্য যন্ত্রপাতিৰ সর্বোচ্চ ব্যৱহাৰৰ মাধ্যমেৰে ইয়াক নিয়ন্ত্রণ কৰা যাব। তাৰ উপৰি ভেকচিন আৱিষ্কাৰৰ দুৱাৰদলিত আছো আমি। গতিকে আশা কৰিছো, স্পেনিছ ফ্লু’তকৈ কম সময়ত বিশ্বক কৰোনা ভাইৰাছ মুক্ত কৰিব পাৰিম৷
উল্লেখ্য, কৰোনা ভাইৰাছত বিশ্বব্যাপী এই পর্যন্ত ২ কোটি ৩১ লাখ ৭ হাজাৰ মানুহ আক্রান্ত হৈছে। মৃত্যু হৈছে ৮ লাখ ২ হাজাৰ ৯৫৯ জন। অন্যহাতে, স্পেনিছ ফ্লু’ত মৃত্যু হৈছিল ৫ কোটি মানুহ। আক্রান্ত হৈছিল প্রায় ৫০ কোটি।










