
নিউজ ডেস্কঃ কৰোনা টীকা সকলোৱে কেতিয়া পাব, কেনেদৰে পাব? ঘোষণা কৰিলে স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে। টীকাৰ অনুমতি-পত্র দিব পাৰে কেন্দ্রই। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ অর্থাৎ আইচিএমআৰ সঞ্চালক প্ৰধান বলৰাম ভার্গৱে তেনে এক ইঙ্গিতেই দিছিল শুকুৰবাৰে। আৰু আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়েও প্রায় একেই ইঙ্গিত দিলে। সংবাদ সংস্থা পিটিআইৰ সূত্র মতে, ভার্গৱে জনাইছে যে, ভাৰততত তৈয়াৰী দুটা কৰোনা প্রতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্রায়েল প্রায় শেষ। কেন্দ্রীয় চৰকাৰে বিচাৰিলে এতিয়াই তেওঁলোকৰ অমুমতি-পত্র দিব পাৰে। অর্থাৎ ভেকচিন প্রস্তুত, বিচাৰিলে সেয়া মানৱ জাতিৰ কল্যাণত ব্যৱহাৰ কৰিব পৰা যায় ৷
পিটিআই সূত্র মতে, গৃহ মন্ত্রালয়ৰ সংসদীয় স্থায়ী কমিটিৰ বৈঠকত উপস্থিত আছিল বলৰাম ভার্গৱ। সেই বৈঠকতে উপস্থিত থকা এগৰাকী সাংসদে পিটিআইক জনাইছে, ভার্গৱক বৈঠকত প্রশ্ন কৰা হৈছিল, কিমান দিন কৰোনা ভাইৰাসৰ ভয় লৈ থাকিব লাগিব মানুহে? উত্তৰত ভার্গৱে জনায়, দেশত তৈয়াৰী দুটা কৰোনা প্রতিষেধকৰ দ্বিতীয় পর্যায়ৰ ক্লিনিকেল ট্রায়েল শেষৰ পথত। সেয়ে কেন্দ্রীয় চৰকাৰে বিচাৰিলে এতিয়াই টীকাসমূহত অনুমোদন দিব পাৰে। তেওঁ জনায় যে যদি ক্লিনিকেল ট্রায়েলৰ তৃতীয় বা চূড়ান্ত পর্যায়ৰ বাবে অপেক্ষা কৰিবলগা হয় তেতিয়াহ’লে আৰু কমপক্ষেও ৬ৰ পৰা ৯ মাহ লাগিব।
ইফালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে জনাইছে, চলিত বছৰৰ শেষতেই আহিব কৰোনা টীকা৷ ট্রায়েলৰ ফলাফল ইতিবাচক বুলি জনাইছে স্বাস্থ্যমন্ত্রীয়ে৷ তেওঁ জনায়, কৰোনাৰ ভেকচিনত অনুমতি লাভৰ পিছত সেয়া কেন্দ্রীয় স্তৰতেই ক্ৰয় কিম্বা বিতৰণ কৰা হ’ব৷ ৰাজ্যসমূহৰ ক্ষেত্রত পঠোৱা হ’ব চাহিদা মতে ভেকচিন৷ তেওঁ লগতে কয়, প্রথমে কৰোনা যোদ্ধা আৰু ৬৫ বছৰৰ বেছি বয়সৰ ব্যক্তিসকলক টীকা দিয়া হ’ব৷ ইয়াৰ পিছত যিসকল সংকটজনক পৰিস্থিতিত আছে তেওঁলোকক টীকা প্ৰদানত অগ্রাধিকাৰ দিয়া হ’ব৷ শেষত সাধাৰণসকলৰ মাজত ভেকচিন বিতৰণ কৰা হ’ব৷ কিন্তু টীকা বজাৰলৈ নহা পর্যন্ত দূৰত্ব বিধি আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক থাকিব বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে৷










