![]()
নিউজ ডেস্ক:
৩০ ছেপ্টেম্বৰৰ ভিতৰত লালকৃষ্ণ আডৱাণী, মুৰলি মনোহৰ যোশী আৰু উমা ভাৰতীৰ দৰে অভিযুক্তসকলৰ বিৰুদ্ধে চলা বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায় দিব লাগিব। শনিবাৰে চিবিআইৰ বিদেশ আদালতক এই নির্দেশ দিলে ছুপ্ৰিম কোর্টে।
ছুপ্রিম কোর্টে দিয়া নির্দেশত উল্লেখ কৰা হৈছে যে এই গোচৰৰ ৰায় দিয়া বাবে বিশেষ আদালতৰ মাননীয় ন্যায়াধীশ সুৰেন্দ্র কুমাৰ যাদৱে আৰু এমাহ সময় বিচাৰিছিল। তেওঁৰ প্রস্তাৱ মানি আমি এমাহৰ সময়সীমা বঢ়াইছো। অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো প্রক্রিয়া সম্পন্ন কৰি এই গোচৰৰ ৰায় ঘোষণা কৰিব লাগিব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে এই গোচৰৰ ৰায় ৩১ আগষ্টৰ ভিতৰত দিব লাগিব বুলি লক্ষ্ণৌত অৱস্থিত চিবিআইৰ বিশেষ আদালতক নির্দেশ দিছিল ছুপ্রিম কোর্টৰ ন্যায়াধীশ আৰএফ নৰিমেনৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে।
তাৰ পৰিপ্রেক্ষিততে বিশেষ আদালতৰ ন্যায়াধীশ সুৰেন্দ্র যাদৱে আৰু এমাহ সময় বঢ়োৱাৰ আবেদন জনায়। তাৰ ভিত্তিতেই এই ৰায় দিয়ে দেশৰ সর্বোচ্চ আদালতে। প্রসঙ্গত উল্লেখ্য, ২০১৭ চনত বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ শুনানি ২ বছৰৰ ভিতৰত শেষ কৰি ৰায় দিব লাগিব বুলি নির্দেশ দিছিল ছুপ্রিম কোর্টে।










