![]()
নিউজ ডেস্ক :
স্বামী, সন্তানেৰে আছিল ভৰপূৰ সংসাৰ। সংসাৰ চম্ভালি মাজে মাজে ডুব যায় ইণ্টাৰনেটৰ দুনিয়াত। তেনেদৰেই এদিন কোচবিহাৰৰ যুৱক পৰিতোষ মণ্ডলৰ লগত ফেচবুকত বন্ধুত্ব গঢ়ি উঠে। তাৰ পিছৰ পৰা দিনটোৰ বেছিভাগ সময়েই থাকে নেট দুনিয়াত ব্যস্ত।
এনেদৰেই পৰিতোষৰ সৈতে ঘনিষ্ঠতা বাঢ়ি গৈ থাকে। পৰিতোষে জানিব পাৰে মহিলাগৰাকী পশ্চিমবংগৰ বেহালাৰ শিশিৰবাগানৰ বাসিন্দা। প্রেমৰ টানত কোচবিহাৰৰ পৰা কলকাতালৈ দৌৰি আহে পৰিতোষ। তাৰ পিছত যি হ’ল, সি যিকোনো চিনেমাৰ চিত্রনাট্যকো পৰাজিত কৰিব।
বেহালাৰ শিশিৰবাগানৰ বাসিন্দা সোমা দাসৰ বহু বছৰ পূৰ্বে বিয়া হৈছে। প্রতিবেশীৰ দাবী, স্বামী মনোজিৎ দাস মাটিৰ মানুহ। কোনো কথাতেই কেতিয়াও পত্নীক বাধা নিদিয়ে তেওঁ। তাৰ ফলতে দাম্পত্য সম্পর্ক নিজৰ মতে চলাই নিছিল সোমাই।
১৬ বছৰীয়া এক পুত্র সন্তানো আছে দুয়োৰে। এদিন হঠাৎ সেই সংসাৰত আহি উপস্থিত হয় কোচবিহাৰৰ পৰিতোষ মণ্ডল। তাৰ পিছতেই স্বামীয়ে জানিব পাৰে সোমা আৰু পৰিতোষৰ ঘনিষ্ঠতাৰ কথা। কিবা বুজি পোৱাৰ পূৰ্বেই কৌশিকি অমাৱস্যাৰ দিনা ঘৰৰ ওচৰৰ মন্দিৰলৈ যায় সোমা আৰু পৰিতোষ। তাতেই দ্বিতীয় বিবাহ কৰায় সোমাই।
ঘৰলৈ ঘূৰি অহাৰ পিছত সোমাৰ দ্বিতীয় বিবাহৰ কথা জানিব পাৰে প্রথম স্বামী মনোজিতে। জোৰ কৰি পৰিতোষক লগত লৈয়ে মনোজিতৰ ঘৰতেই থাকিবলৈ আৰম্ভ কৰে সোমাই। অভিযোগ, কেৱল থকাই নহয় স্বামীৰ ওপৰত ক্রমাগত অত্যাচাৰো আৰম্ভ কৰে।
খাবলৈ নিদিয়া, মাৰধৰৰ দৰে ঘটনা ঘটিয়েই থাকে বুলিও অভিযোগ। শান্ত স্বভাৱৰ হোৱাত মনোজিতে একোৱেই কৰিব নোৱাৰে। কিন্তু প্রথম স্বামী থকা সত্ত্বেও দ্বিতীয়বাৰ বিয়া আৰু প্রথম স্বামীৰ ঘৰতেই প্রেমিকৰ সৈতে সহবাসৰ বিষয়টোৰ পৰা দৃষ্টি এৰাব নোৱাৰিলে প্রতিবেশীয়ে।
প্রতিবেশীসকলে সোমা আৰু পৰিতোষৰ অত্যাচাৰৰ বিৰুদ্ধে থিয় হয়। সোমাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে তেওঁলোকে। ইয়াৰ পিছতেই শনিবাৰে পুৱা সোমা আৰু পৰিতোষক আটক কৰি নিয়ে আৰক্ষীয়ে।










