![]()
নিউজ ডেস্কঃ
পঞ্জাবৰ ভাৰত-পাক সীমান্তত পাঁচ অনুপ্রবেশকাৰীক গুলীয়াই নিহত কৰে বিএছএফে৷ শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা।
বিএছএফৰ সূত্রে খবৰ, আজি পুৱা ৫মান বজাত তাৰণ তৰণ জিলাৰ খেমকৰনত ভাৰত-পাক সীমান্তৰে ৫জন অনুপ্রবেশকাৰী ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল। বিএছএফৰ টহলদাৰী দলে অনুপ্রবেশকাৰীসকলক দেখা পায়। লগে লগে তেওঁলোক সতর্ক হৈ পৰে।
বিএছএফে লগতে জনাইছে, টহলদাৰী দলটোক দেখা মাত্রকেই তেওঁলোকক লক্ষ্য কৰি ধাৰাসাৰ গুলী চালনা কৰে অনুপ্রবেশকাৰীসকলে। দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। বিএছএফৰ গুলীত পাঁচ অনুপ্রবেশকাৰীৰ মৃত্যু হয়। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে বিএছএফ জোৱানসকলে।
আনহাতে, আজি পুৱাতেই দিল্লীৰ ধৌলা কুঁৱাৰ পৰা আইএছ সন্ত্ৰাসবাদীৰ সন্দেহত এজন ব্যক্তিক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।










