![]()
নিউজ ডেক্স:
হায়দৰাবাদৰ এগৰাকী ২৫ বছৰীয়া যুৱতী ১৩৯ বাৰ ধৰ্ষণৰ বলি হৈছে৷ এই কথা স্বয়ং যুৱতীগৰাকীয়ে কৈছে৷ যুৱতীগৰাকীৰ অভিযোগ যোৱা সাত বছৰত তেওঁ ১৩৯ বাৰ যৌন নিৰ্যাতনৰ বলি হৈছে৷
ঘৰতে হওক বা পথে ঘাটে হওক হাইদৰাবাদৰ এই যুৱতীগৰাকী যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ ইতিমধ্যে যুৱতীগৰাকীয়ে সাহস কৰি আৰক্ষীৰ দ্বাৰস্থ হৈছে৷ উল্লেখ্য যে ২৫ বছৰীয়া এই যুৱতীগৰাকী ২০১০ চনত বিয়া হৈছিল৷ তাৰ পাচৰ বছৰত তেওঁৰ বিবাহ বিচ্ছেদ হয়৷ তাৰ কিছুদিনৰ পাচৰ পৰা তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰম্ভ হয়৷
আনহাতে আৰক্ষীক জনালে প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ এনেদৰে সাত বছৰ ধৰি বিভিন্ন ঠাইত যৌন নিৰ্যাতনৰ সন্মুখীন হয় যুৱতীগৰাকী৷ কিন্তু তেওঁ অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা নাছিল৷ অৱশেষত যোৱা শুকুৰবাৰে সাহস কৰি তেওঁ পুঞ্জাগুট্টা থানালৈ যায়৷ তাত ৪২ পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰে৷
এই অভিযোগনামাত তেওঁ দাবী কৰে যে যোৱা কেইবা বছৰ ধৰি কমেও ১৩৯ জন লোকে তেওঁক যৌন নিৰ্যাতন কৰিছে৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনত একাধিক গোচৰ ৰুজু কৰিছে৷ যুৱতীগৰাকীৰ শাৰীৰিক পৰীক্ষাও পৰা হৈছে৷ অৱশ্যে চিকিৎসাৰ প্ৰতিবেদন অহা নাই৷ ইয়াকে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷










