![]()
নিউজ ডেস্কঃ
দোকান-বজাৰ, শ্বপিং মল খোলাত বাধা নাই। কিন্তু ধর্মীয় স্থান খোলাত চৰকাৰৰ আপত্তি কিহৰ? ইয়াকে লৈ প্রশ্ন তুলিলে দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেই।
এই নীতিক ‘অদ্ভুত’ আখ্যা দি তেওঁ কয়, ‘অর্থনৈতিক স্বার্থ’ জড়িত থাকিলে ‘তথাকথিত’ ক’ৰোনাৰ ৰিস্ক ল’বলৈও চৰকাৰ সাজু। কিন্তু ধর্মৰ প্রশ্ন আহিলেই, কোভিড আৰু বিপদৰ কথা উঠে।
এই অৱস্থানত থাকিয়েই আজি ছুপ্রিম কোর্টে আগন্তুক দুদিন ‘পর্যুষণ’ পালনৰ বাবে মহাৰাষ্ট্রৰ তিনিটা জৈন মন্দিৰ খোলা ৰখাৰ অনুমতি দিছে। অৱশ্যে পাৰস্পৰিক দূৰত্ব আৰু স্বাস্থ্যবিধি মানি। ইয়াৰ পূৰ্বেও স্বাস্থ্যবিধিৰ চর্ত আৰোপ কৰি পুৰীত ৰথযাত্রাৰো অনুমতি দিছিল দেশৰ শীর্ষ আদালতখনে।
উল্লেখ্য যে দেশত আনলক পৰ্যায় চলি আছে যদিও মন্দিৰ আৰু অন্য উপাসনাস্থল খোলাৰ অনুমতি দিয়া হ’লেও, এতিয়াও ধর্মীয় সমাবেশৰ অনুমতি দিয়া হোৱা নাই। তাৰ মাজতেই অৱশ্যে অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু মহাৰাষ্ট্রৰ দৰে বহু ৰাজ্যত সংক্রমণৰ হাৰ অত্যন্ত বেছি কাৰণে তাৰ চৰকাৰে ধর্মীয়স্থল খোলাৰো অনুমতি দিয়া নাই। আনকি, এই বছৰ মহাৰাষ্ট্রত গণপতি উৎসৱতো সমাবেশৰ অনুমতি দিয়া হোৱা নাই।
জৈনসকলৰ সংগঠন শ্রীপার্শ্বতিলক শ্বেতাম্বৰ মূর্তিপূজক জৈন ট্রাষ্টে তেওঁলোকৰ পর্যুষণ পর্ব পালনৰ বাবে ছুপ্রিম কোর্টৰ দ্বাৰস্থ হয়। দাবী আছিল, মুম্বাইৰ দাদৰ, বাইকুল্লা আৰু চেম্বুৰত তিনিটা জৈন মন্দিৰত প্রার্থনাৰ অনুমতি দিয়া হওক। মহাৰাষ্ট্র চৰকাৰে ইয়াৰ অনুমতি দিয়া নাই। ট্রাষ্টৰ হৈ অধিবক্তা দুষ্যন্ত ডাভেই প্রশ্ন উত্থাপন কৰে, “ৰাজ্য চৰকাৰে এতিয়া শ্বপিং মলত পৰ্যবেক্ষণ কৰিছেনে? চেলুন, মদৰ দোকানত পৰ্যবেক্ষণ হৈছে? হাজাৰ হাজাৰ লোকে মদৰ দোকানত লাইন পাতিছে। কিন্তু জৈন সম্প্রদায়ে কৈছে তেওঁলোকে নিজৰ লোকসকলৰ ওপৰত দৃষ্টি ৰাখিব৷ তেনেহ’লে কিয় অনুমতি দিয়া নহ’ব?”
ইফালে মহাৰাষ্ট্র চৰকাৰৰ অধিবক্তা অভিষেক মনুসিঙ্ঘভিয়ে আপত্তি তোলে, ৰাজ্যত কৰোনা আক্রান্তৰ সংখ্যা বিপুলভাবে বাঢ়িছে। মহাৰাষ্ট্র চৰকাৰে সকলো ধৰণৰ ধর্মীয় সমাবেশত বাধা-নিষেধ লগাইছে। মহাৰাষ্ট্রৰ সকলোতকৈ ডাঙৰ উৎসৱ গণেশ চতুর্থী শনিবাৰৰ পৰা আৰম্ভ হৈছে। তাৰ পূৰ্বে পর্যুষণৰ প্রার্থনাৰ অনুমতি দিলে বৈষম্য হ’বে। অন্যসকলেও একেই আর্জি লৈ হাজিৰ হ’ব।
প্ৰত্যুত্তৰত প্রধান ন্যায়াধীশে কয়, “ৰথযাত্রাৰ সময়তো আমি একেই সমালোচনা আৰু কঠিন পৰীক্ষাৰ সন্মুখীন হৈছিলো। কিন্তু আমাৰ বিশ্বাস আছিল, দূৰত্ব বজায় ৰাখি কেৱল ৰথৰ ৰছী টানিলে কোনো ক্ষতি নহ’ব। এই পর্যন্ত কোনো সমস্যা হোৱা নাই।” একেদৰে সামাজিক দূৰত্ব আৰু স্বাস্থ্যবিধিৰ যাৱতীয় চর্ত নিষ্ঠাৰে পালন কৰিলে, তিনিটা মন্দিৰত প্রার্থনাৰ অনুমতি দিলে সমস্যাৰ সৃষ্টি নহ’ব বুলি ৰায় দিয়ে ছুপ্রিম কোর্টে। একে সময়তে আদালতে কৈছে, এই অনুমতিৰ লগত অন্য মন্দিৰ বা গণেশ চতুর্থী উদ্যাপনৰ সম্পর্ক নাই। কাৰণ তাত ভিৰ নিয়ন্ত্রণত ৰখা সম্ভৱ নহয়।










