![]()
নিউজ ডেস্কঃ
প্ৰায় এসপ্তাহমান দেশত দৈনিক নতুন সংক্রমণৰ সংখ্যা ৫৫-৬০ হাজাৰত আবদ্ধ থকাটোৱে আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু বৃহস্পতিবাৰৰ পৰা সেয়া বাঢ়ি প্রায় ৭০ হাজাৰৰ ওচৰাওচৰিত উপনীত হয়। আজিও সেই বৃদ্ধি এতিয়া পৰ্যন্ত সর্বোচ্চ। লগতে দেশত ক’ৰোনাৰ বাবে মৃত্যুও চাৰে ৫৫ হাজাৰ অতিক্ৰম কৰিলে। তথাপি ইয়াৰ মাজতেই স্বস্তি দিচ্ছে সুস্থ হোৱাৰ পৰিসংখ্যাই।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৬৯ হাজাৰ ৮৭৮ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে, যিটো বৰ্তমানলৈকে সর্বোচ্চ। এই সময়ছোৱাত আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৪৭ হাজাৰ ৫৬০ আৰু ৬০ হাজাৰ ৩৫৫ জন। অর্থাৎ এটা দিনত আক্রান্ত বৃদ্ধিৰ হিচাপত আমেৰিকা আৰু ব্রাজিলতকৈ ভাৰত এতিয়াও আগবাঢ়ি আছে। প্রায় ৭০ হাজাৰ নতুন সংক্রমণৰ ফলত দেশত মুঠ ক’ৰোনা আক্রান্ত হ’ল ২৯ লক্ষ ৭৫ হাজাৰ ৭০১ জন। বিশ্বত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৫৬ লক্ষ ২১ হাজাৰ আৰু দ্বিতীয় স্থানত থকা ব্রাজিলত ৩৫ লক্ষ ৩২ হাজাৰ।
ইফালে বিগত ২৪ ঘণ্টাত দেশত সংক্রমণ হাৰ কমি হৈছে ৬.৮৩ শতাংশ। আগষ্টৰ আৰম্ভণিৰ পৰাই দেশত ক’ৰোনা পৰীক্ষাও যথেষ্ট বেছি সংখ্যাত হৈছে। যোৱা ২৪ ঘণ্টাত পৰীক্ষা হৈছে ১০ লক্ষ ২৩ হাজাৰ ৮৩৬ জনৰ। যিটো ক’ৰোনাকালৰ ভিতৰত এই পৰ্যন্ত সর্বোচ্চ।
আনহাতে, এতিয়ালৈকে মুঠ ২২ লক্ষ ২২ হাজাৰ ৫৭৭ জন ক’ৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মোট আক্রান্তৰ প্রায় ৭৪.৬৯ শতাংশই সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৬৩ হাজাৰ ৬৩১ জন।
মৃত্যুৰ হিচাপত বিশ্বৰ চতুর্থ স্থানত থাকিলেও দেশত মৃত্যুৰ হাৰ বাকী দেশবোৰৰ তুলনাত বহুখিনি কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ বাবে মৃত্যু হৈছে ৯৪৫ জনৰ। ইয়াকে লৈ দেশত মুঠ ৫৫ হাজাৰ ৭৯৪ জনৰ প্রাণ কাঢ়িলে ক’ৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ২১ হাজাৰ ৬৯৮ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ ৬ হাজাৰ ৩৪০ জনৰ মৃত্যু হৈছে। দেশৰ ৰাজধানীত সেই সংখ্যাটো ৪ হাজাৰ ২৭০










