![]()
নিউজ ডেক্স:
লাডাখ সীমান্তত সংঘর্ষৰ পিছত চীনক অর্থনৈতিকভাবে প্ৰতিৰোধ আগবঢ়াই গৈছে ভাৰতে। পূৰ্বেই টিকটকসহ একাধিক চীনা এপ বাতিল কৰা হৈছে। চাপত পৰি আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ পৰা আঁতৰি গৈছে চীনা মোবাইল ফোন প্রস্তুতকাৰক কোম্পানী ভিভো। এইবাৰ কেৱল চীন আৰু ভাৰতৰ যৌথ মালিকানাধীন এক কোম্পানীয়ে আবেদন কৰাত জমা হোৱা নিবিদাই বাতিল কৰিলে ভাৰতীয় ৰে’ল। যিটো চীনৰ উদ্দেশ্যে স্পষ্ট বার্তা বুলি কূটনৈতিক মহলে অনুমান কৰিছে।
যোৱা মাহৰ ১০ জুলাইত ৪৪খন ছেমি হাইস্পিড বন্দে ভাৰত এক্সপ্রেছৰ বাবে নিবিদা আহ্বান কৰিছিল ভাৰতীয় ৰে’লে। সেই অনুযায়ী কোটেচন জমা দিয়ে চিআৰআৰচি পায়নিয়াৰ ইলেক্ট্রিক (ইণ্ডিয়া) প্রাইভেট লিমিটেড নামৰ এটি কোম্পানীয়ে। যিটো ভাৰত আৰু চীনৰ যৌথ মালিকানাধীন। চিআৰআৰচি ইয়ংজি প্রাইভেট লিমিটেড নামৰ চীনা কোম্পানীটোৱে গুৰুগ্রামৰ পায়নিয়াৰ ইলেক্ট্রিকৰ লগত অংশীদাৰিত্বৰ ভিত্তিত এই ৪৪খন ৰে’ল নিৰ্মাণৰ বাবে আবেদন জনাছিল।
২০১৫ চনত দুই কোম্পানীৰ মাজত অংশীদাৰিত্বৰ চুক্তি তৈয়াৰ হৈছিল। শুক্রবাৰে নিশা ৰে’ল বিভাগে টুইট কৰি নিবিদা বাতিলৰ ঘোষণা কৰা হয়। অৱশ্যে এই নিবিদা ঠিক কি কাৰণত বাতিল কৰা হৈছে সেয়া স্পষ্ট কৰা নাই ৰে’ল বিভাগে। কিন্তু সংশ্লিষ্ট মহলৰ ধাৰণা, চীনা কোম্পানী আবণ্টন পোৱাৰ দৌৰত আগুৱাই থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ৰে’ল বিভাগে জনাইছে, সপ্তাহমানৰ ভিতৰতেই এই ৪৪খন ছিমি হাইস্পিড ৰে’লৰ বাবে পুনৰ নিবিদা আহ্বান কৰা হ’ব।
লগতে এইবাৰ ‘মে’ক ইন ইণ্ডিয়া’ত জোৰ দিয়া হ’ব। জানিব পৰা মতে, এই যৌথ কোম্পানীৰ উপৰি নিবিদা জমা দিছিল ভাৰত হেভি ইলেক্ট্রিকেলছ লিমিটেড, ভাৰত ইণ্ডাষ্ট্ৰিজ, ইলেক্ট্রোৱেভছ ইলেক্ট্রনিক্স প্রাইভেট লিমিটেড, মেধা ছার্ভো ড্রাইভছ প্রাইভেট লিমিটেড, পাৰৱাৰনেটিক্স ইকুইপমেন্ট ইণ্ডিয়া প্রাইভেট লিমিটেডে।
SOURCES : আজকাল ওয়েবডেস্ক:










