![]()
নিউজ ডেক্স:
যোৱা ২১ আগষ্টৰ দিনটোত ১০ লাখ লোকক ক’ভিড-১৯ পৰীক্ষা কৰা হয়৷ এদিনত ইমান সংখ্যক লোকক পৰীক্ষা কৰাটো দেশত অভিলেখ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা জনায়৷ যোৱা ২৪ ঘণ্টাত ১০ লাখৰো অধিক লোকৰ ক’ৰোনা পৰীক্ষা কৰা হয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত দেশত ৬৯ হাজাৰ ৮৭৮ জন নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ ২৯ লাখ ৭৫ হাজাৰ ৭০১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷
মন্ত্ৰালয়ে জনোৱা মতে যোৱা ১ আগষ্টত ১০,৯৪,৩৭৪ জন লোক আৰোগ্য হৈছিল৷ আনহাতে ২১ আগষ্ট পৰ্যন্ত দেশত ২১,৫৮,৯৪৬ জন লোক আৰোগ্য হয়৷ ইপিনে শুকুৰবাৰ পৰ্যন্ত দেশত ৭৪.২৮ শতাংশ লোক আৰোগ্য হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত শুকুৰবাৰলৈকে ৬,৯২,০২৮ জন লোক ক’ৰোনাত আক্ৰান্ত আৰু ৫৪,৮৪৯ জন লোকৰ মৃত্যু হৈছে৷










