![]()
নিউজ ডেক্স:
দিল্লীৰ বুকুত ডাঙৰ কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ কৰিলে আৰক্ষীয়ে। ওৰে নিশা গুলী-যুদ্ধৰ পিছত ইছলামিক ষ্টেট (আইএছ)ৰ সৈতে জড়িত থকাৰ সন্দেহত ধৌলা কুঁৱাৰ পৰা শনিবাৰে এজন ব্যক্তিক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। ধৃত সন্ত্ৰাসবাদীটোৰ নাম আবু ইউচুফ খান।
উপ-আৰক্ষী অধীক্ষক প্রমোদ সিং কুশৱাই জনায়, শুক্রবাৰে গভীৰ নিশা ধৌলা কুঁৱা আৰু কৰোল বাগৰ মাজৰ ৰিজ ৰোডত আৰক্ষীৰ সৈতে আবু ইউচুফ খানৰ গুলীয়াগুলী হয়। তাৰ পিছতেই তাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষী সূত্রে খবৰ, আবুৰ পৰা এটি পিস্তল আৰু ইমপ্রোভাইছড এক্সপ্লোছিভ ডিভাইচ (আইইডি) উদ্ধাৰ হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা গার্ড (এনএছজি)ৰ সদস্যসকলে ঘটনাস্থলীত উপস্থিত হৈ আইইডি নিষ্ক্রিয় কৰে। আৰক্ষীৰ দাবী, জেৰাত আবুৱে জনাইছে সি ‘লোন উল্ফ’ সদস্য। ৰাজধানীত আক্ৰমণৰ পৰিকল্পনা আছিল তাৰ। আবু আচলতে উত্তৰ প্রদেশৰ বাসিন্দা।










