
নিউজ ডেস্কঃ ব্যর্থ হ’ল জতুগহৰ পৰা বাচি ওলাই অহাৰ যুঁজ। অৱশেষত মৃত্যুক আঁকোৱালি ল’লে তেলঙ্গানাৰ শ্রীশৈলম জলবিদ্যুৎ কেন্দ্রৰ অগ্নিকাণ্ডত আবদ্ধ হৈ পৰা ৯জন কর্মচাৰী। বৃহস্পতিবাৰে নিশা জুই লাগে বিদ্যুৎ কেন্দ্রটোৰ ভূগর্ভস্থ ইউনিটত। টানেলেৰে কেইবাজনকো বাহিৰ উলিয়াব পাৰিলেও ৯জন তাত আবদ্ধ হৈ পৰে। শুক্রবাৰে বিয়লিৰ ফালে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

৯জনৰ ভিতৰত তিনিজনক চিনাক্ত কৰা হৈছে। তেওঁলোক প্রত্যেকেই সহকাৰী অভিযন্তা। তেওঁলোক হ’ল সুন্দৰ নায়েক, মোহন কুমাৰ আৰু ফতিমা।
অৱশ্যে বিদ্যুৎ কেন্দ্রটোত কেনেদৰে জুই লাগিল সেয়া এতিয়াও স্পষ্ট নহয়। অগ্নিনিৰ্বাপণ বিভাগৰ প্রাথমিক অনুমান শ্বর্ট চার্কিটৰ পৰাই জুই লাগে বিদ্যুৎ কেন্দ্রটোৰ ভূগর্ভস্থ ৪ নম্বৰ ইউনিটত। তাৰ পৰাই জুই বিয়পি পৰে।
ইতিমধ্যেই ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিৰ হাত দিছে তেলঙ্গানা মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাৱে। তদন্তকাৰী বিষয়া নিযুক্ত হৈয়ছে চিআইডিৰ অতিৰিক্ত সঞ্চালক গোবিন্দ সিং। তেওঁক যিমান সম্ভৱ সোনকালে দুর্ঘটনাটোৰ তদন্ত ৰিপোর্ট দাখিল কৰিবলৈ কোৱা হৈছে।
ইফালে শ্রীশৈলম জলবিদ্যুৎ কেন্দ্রৰ দুর্ঘটনাত প্রাণহানিক লৈ শোক প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে। নিহতসকলৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জনাইছে নৰেন্দ্র মোদীয়ে। আহতসকলৰ দ্রুত আৰোগ্যও তেওঁ কামনা কৰে।
শোক প্রকাশ কৰিছে তেলেঙ্গানাৰ মুখ্যমন্ত্রী চন্দ্রশেখৰ ৰাৱে। ঘটনাটিক দুর্ভাগ্যজনক আখ্যা দিয়ে তেওঁ। নিহতসকলৰ পৰিয়ালৰ প্রতি সহানুভূতিও জনাইছে তেওঁ।

উল্লেখ্য যে তেলঙ্গানা প্রশাসনৰ সূত্র মতে, অগ্নিকাণ্ডৰ সময়ত বিদ্যুৎ কেন্দ্রটোত ৩০জন কর্মচাৰী আছিল। তেওঁলোকৰ ভিতৰত ৬জনক টানেলৰ মাজেৰে উদ্ধাৰ কৰি অনা হয়। ১৫জন জৰুৰীকালীন পথেৰে বাহিৰ হৈ আহিবলৈ সক্ষম হয়। কিন্তু সেই অন্ধকূপত বন্দী হৈ পৰে ৯জন। তেওঁলোকৰ উদ্ধাৰৰ চেষ্টা চলাইছিল এনডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে। কিন্তু ঘন ক’লা ধোঁৱাৰে ভর্তি হৈ যায় টানেল। তাৰ বাবে তাত উপস্থিত হোৱাত পলম হৈ যায় উদ্ধাৰকাৰী দলৰ সদস্যসকলৰ।










