
নিউজ ডেস্কঃ বৰ্তমান আক্ৰমণ চলোৱাৰ সময়ত সন্ত্ৰাসবাদীয়ে ‘বডি কেমেৰা’ত তাৰ ভিডিও কৰিছে। সেই ভিডিও ছচিয়েল মিডিয়াত বিয়পাই সিহঁতৰ শক্তি প্রদর্শন কৰিছে। উল্লেখ্য যে দুদিন পূৰ্বে বাৰামুলাত নিৰাপত্তা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ ব্যাপক সংঘর্ষ হয়। সেই ঘটনাত পাঁচ জোৱান নিহত হয়। নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় তিনি সন্ত্ৰাসবাদীও।
আৰক্ষীৰ ধাৰণা জম্মু-কাশ্মীৰৰ নতুন সন্ত্ৰাসবাদী গোট পিপলছ এন্টি-ফেচিষ্ট ফ্রন্ট (পিএএএফ)ৰ সদস্যসকলে এই আক্ৰমণ চলাইছে। সেনা সূত্রে খবৰ, সন্ত্ৰাসবাদীৰ পৰা যি ভিডিও উদ্ধাৰ হৈছে তাত দেখা গৈছে নিৰাপত্তা বাহিনীৰ ওপৰত গেৰিলা আক্রমণৰ বাবে আপেল বাগানত অপেক্ষা কৰিছে। কেনেদৰে আক্ৰমণ চলাইছে, কেনেদৰে নিজৰ অৱস্থান ঠিক কৰিছে, কোন স্থানৰ পৰা আক্ৰমণ চলালে বেছি জোৱানৰ মৃত্যু হ’ব— সকলো ৰেকর্ড হৈছে সেই ভিডিওত। তাৰ পিছত সেয়া ছচিয়েল মিডিয়াত বিয়পাই দিয়া হৈছে। ভিডিওটি এৰাৰ পূৰ্বে সেইটো সম্পাদনা কৰি সন্ত্ৰাসবাদী কেইটাৰ পৰিচয়, লগতে গান সংযোগ কৰি দিয়া হৈছে। পাঁচ মিনিটৰ সেই ভিডিও ক্লিপত দেখা গৈছে, দুই চিআৰপিএফ জোৱানক মূৰত গুলী কৰাৰ পিছত এজন সন্ত্ৰাসবাদীয়ে তাৰ সঙ্গীক গুলীওৱা বন্ধ কৰাৰ নির্দেশ দিছে কাশ্মীৰী ভাষাত।










