![]()
নিউজ ডেস্ক:
দুমাহমান পূৰ্বে উচ্চ বর্ণৰ এজন ব্যক্তিৰ বাগানৰ পৰা ফুল তুলিছিল ১৫ বছৰীয়া এক দলিত কিশোৰীয়ে। তাৰ শাস্তি হিচাবে কিশোৰীগৰাকীৰ পৰিয়ালসহ মুঠ ৪০টা দলিত পৰিয়ালক যোৱা দুসপ্তাহ ধৰি সামাজিক বয়কট কৰা হৈছে।
ঘটনাটি ঘটিছে ওড়িশাৰ ঢেঙ্কানল জিলাৰ কান্তিও কাটেনি গাঁৱত। মুঠ ৮০০ পৰিয়ালৰ কান্তিও কাটেনি গাঁৱত অনুসূচিত জাতিৰ নায়েক সম্প্রদায়ৰ কেৱল ৪০টা পৰিয়াল আছে। স্থানীয় বাসিন্দাসকলৰ অভিযোগ, এটি দলিত পৰিয়ালে আপত্তি কৰাত তেওঁলোকৰ সম্পূৰ্ণ সম্প্রদায়টোৱেই সামাজিক বয়কটৰ সন্মুখীন হ’বলগা হৈছে।
কিশোৰীগৰাকীৰ পিতৃ নিৰঞ্জন নায়েকৰ অভিযোগ, ঘটনাটি প্ৰচাৰ হোৱাৰ লগে লগেই তেওঁলোকে উচ্চ বর্ণৰ পৰিয়ালটিৰ ওচৰত ক্ষমা বিচাৰিছিল। কিন্তু তাত কর্ণপাত নকৰে। গাঁৱত একাধিক বৈঠকৰ পিছত তেওঁলোকৰ ৪০টা পৰিয়ালকেই সামাজিকভাবে বয়কটৰ সিদ্ধান্ত লয় গাঁৱৰ শীর্ষস্থানীয় ব্যক্তিসকলে।
এই সম্পৰ্কত যোৱা ১৭ তাৰিখে স্থানীয় থানা আৰু উপায়ুক্তক স্মাৰক-পত্ৰ দিয়ে দলিতসকলে। স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে, তেওঁলোকৰ ল’ৰা-ছোৱালীক গাঁৱৰ স্কুললৈ যোৱাত বাধা প্ৰদান কৰা হৈছে। আনকি এই সম্প্রদায়ৰ শিক্ষকসকলকো অন্য স্থানলৈ বদলি হৈ যাবলৈ নির্দেশ দিয়া হৈছে। গাঁৱৰ ৰাস্তাৰে যাতায়তো নিষিদ্ধ কৰি দিছে উচ্চ বৰ্ণই৷










