![]()
নিউজ ডেস্ক:
১৩ মাহত এগৰাকী মহিলাই জন্ম দিছে ৮ সন্তান! তেওঁৰ বয়স আকৌ ৬৫ বছৰ। এনে এক আশ্চর্যজনক ঘটনাই ঘটিল বিহাৰত। প্রতিবাৰেই সন্তান জন্ম দিয়াৰ পিছত লাভ কৰিছে চৰকাৰী সাহায্যও। এই ঘটনাৰ তদন্তত পোহৰলৈ আহিল প্ৰকৃত সত্য।
আচলতে বিগত ২০ বছৰে এটি সন্তানো জন্ম দিয়া নাই মহিলাগৰাকীয়ে। প্রসূতি আৰু সদ্যোজাতৰ চোৱাচিতাৰ বাবে কিন্তু লাভ কৰিছে চৰকাৰী সাহায্য। আৰু সেই ধন আত্মসাতৰ বাবেই এই ষড়যন্ত্রৰ ফান্দ পতা হৈছিল। বিষয়টি পোহৰলৈ অহাৰ লগে লগেই হাহাকাৰ লাগিছে প্রশাসনত। বিহাৰৰ স্বাস্থ্যমন্ত্রী মঙ্গল পান্ডেই জনায়, এনআৰএইচএম কেলেঙ্কাৰিৰ চাৰিগৰাকী সদস্যৰ এখন কমিটি গঠন কৰা হৈছে। কমিটিখনে ঘটনাটোৰ তদন্ত কৰিব। দোষীক ৰেহাই দিয়া নহ’বে।
বিহাৰৰ চৰকাৰী তথ্য মতে, বিহাৰৰ মুজফ্ফৰপুৰৰ মুচাৰি ব্লকৰ শান্তিদেৱীয়ে ১৩ মাহৰ ভিতৰত ৮টা সন্তানৰ জন্ম দিছে। অৱশ্যে, পাঁচ নৱজাতকৰ ভিতৰৰ তিনিজনক বচাব পৰা যোৱা নাই। ইয়াৰ পিছত লুকাই আছে এক বিৰাট কেলেঙ্কাৰি।
জানিব পৰা মতে, ৰাষ্ট্রীয় গ্রাম্য স্বাস্থ্য যোজনাৰ অধীনত আবণ্টিত ধন উঠাবলৈ ৬৫ বছৰীয়া বৃদ্ধাক ১৩ মাহৰ ভিতৰত আঠবাৰ গর্ভৱতী দেখুওৱা হৈছে। প্রতিটো ডেলিভাৰিৰ পিছত চৰকাৰীভাৱে আবণ্টিত ১,৪০০ টকাকৈ উঠোৱা হৈছে।
কিন্তু, শান্তিদেৱীয়ে নিজে সেই টকাৰ এক আনাও পোৱা নাই। কোনে বা কাৰ টকা উঠাই নিছে, সেই বিষয়ে ঘূণাক্ষৰেও জানিব পৰা নাই তেওঁ। বিষয়টি দৃষ্টিগোচৰ হোৱাৰ লগে লগে শান্তি দেৱীৰ পৰিয়ালে সেয়া বেঙ্কত জনায়।











