![]()
নিউজ ডেস্কঃ
অৱসৰ ঘোষণাৰ পিছত মহেন্দ্র সিং ধোনিৰ দৰে সুৰেশ ৰায়নালৈও আহে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পত্ৰ। তাৰ বাবে ছচিয়েল মিডিয়াত প্রধানমন্ত্রীক ধন্যবাদ জনালে ৰায়নাই।
উল্লেখ্য যে ধোনিৰ লগে লগে ১৫ আগষ্টত আন্তর্জাতিক ক্রিকেটক বিদায় জনাইছে ৰায়নাইও। তাৰ পিছত ধোনিৰ দৰে বাঁওহতীয়া মিডল অর্ডাৰ বেটছমেনগৰাকীলৈও প্ৰেৰণ কৰে প্রধানমন্ত্রীয়ে দুই পৃষ্ঠাৰ পত্ৰ। সেই পত্ৰৰ ছবি পোষ্ট কৰিছে ৰায়নাই।
https://twitter.com/ImRaina/status/1296651450974498817?s=20
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পত্ৰত ২০১১ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ষ্টেডিয়ামত বহি ৰায়নাৰ খেল উপভোগৰ প্রসঙ্গ উল্লেখ কৰিছে। তেওঁ লিখিছে, “সেই মেচত ৰায়নাৰ উদ্দীপ্ত ভূমিকাৰ কথা ভাৰতে কেতিয়াও নাপাহৰে।” কেৱল বেটিঙৰ বাবেই নহয়, ফিল্ডিঙতো ৰায়না উদাহৰণ হৈ উঠাৰ প্রসঙ্গতো লিখিছে প্রধানমন্ত্রীয়ে। তেওঁৰ টিম স্পিৰিটৰ কথাও দাঙি ধৰি লিখিছে, “ব্যক্তিগত গৌৰৱৰ বাবে আপুনি খেলা নাছিল, খেলিছিল দল তথা দেশৰ গৌৰৱৰ বাবে।”
প্রধানমন্ত্রীৰ পত্ৰ পোষ্ট কৰাৰ লগতে ৰায়নাই লিখে, “আমি যেতিয়া খেলো তেতিয়া দেশৰ হৈয়ে ৰক্ত-ঘাম পেলাওঁ। সেয়ে দেশৰ মানুহৰ ভালপোৱাতকৈ ভাল স্বীকৃতি একো নাই। সেয়া আৰু মধুৰ হৈ উঠে দেশৰ প্রধানমন্ত্রীয়ে স্বীকৃতি দিলে। প্রশংসা তথা শুভেচ্ছাৰ বাবে ধন্যবাদ নৰেন্দ্র মোদীজি। কৃতজ্ঞতাৰ সৈতে সেয়া গ্রহণ কৰিছো। জয় হিন্দ।”











