![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে দলৰ ভার্চুৱেল সন্মিলনত আনুষ্ঠানিকভাবে নিজৰ নাম আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদপ্রার্থী হিচাবে গ্রহণ কৰিলে ভাৰতীয় বংশোদ্ভৱ ডেমোক্ৰেট নেত্রী কমলা হেৰিছে। নিজৰ বক্তৃতাত ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদপ্রার্থী তথা দেশৰ বর্তমান ৰাষ্ট্ৰপতিক তুমুল আক্রমণ কৰি তেওঁ কয়, ‘‘আমাৰ দুখক তেওঁ অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছে। জো ক্ষমতালৈ আহিলে আমি সকলোকে একত্রিত কৰি বান্ধি ৰাখিম।’’ ট্রাম্প প্রশাসনক আক্ৰমণ কৰি কমলাই কয়, ‘‘জাতি বিদ্বেষৰ কোনো প্রতিষেধক নাই।’’
উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা ডেমোক্ৰেটসকলৰ চাৰিদিনীয়া মহা সন্মিলন আৰম্ভ হৈছে। ক’ৰোনা-পৰিস্থিতিত এই সন্মিলন হৈছে ভার্চুৱেলি। কালি একেলগে কমলা, প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু প্রাক্তন মার্কিন ফার্স্ট লেডি তথা দেশৰ প্রাক্তন বিদেশ সচিব হিলাৰি ক্লিন্টনে ট্রাম্পক লক্ষ্য কৰি নিজৰ আক্রমণ আৰম্ভ কৰে। ৰাষ্ট্ৰপতি হিচাবে ট্রাম্প কিমান ব্যর্থ সেই উদাহৰণেই সকলোৰে সন্মুখত দাঙি ধৰিছে তেওঁলোকে।
কমলাই প্রতিশ্রুতি দিছে, তেওঁলোকৰ দল ক্ষমতালৈ আহিলে আমেৰিকাত সকলো জাতি-বর্ণৰ মানুহে সমান অধিকাৰ পাব। এই প্রসঙ্গত যোৱা মে’ মাহত শ্বেতাঙ্গ পুলিচৰ অত্যাচাৰত কৃষ্ণাঙ্গ মার্কিন যুৱক জর্জ ফ্লয়েডৰ মৃত্যু আৰু তাৰ পৰৱর্তী প্রতিবাদ-আন্দোলনৰ কথাও কৈছে কমলাই।
কমলাৰ পিছতেই আছিল ট্রাম্পৰ পূর্বসূৰী বাৰাক ওবামাৰ বক্তৃতা। নজিৰবিহীনভাবে নিজৰ উত্তৰসূৰীক আক্রমণ কৰা শুনা গ’ল ওবামাক।
বিদ্বেষৰ প্রসঙ্গ টানে তেওঁও। তেওঁ কয়, ‘‘চাৰি বছৰ পূৰ্বে ৰিপাব্লিকানসকলে যেতিয়া ট্রাম্পৰ দৰে ব্যক্তিত্বক ৰাষ্ট্ৰপতি হিচাবে মনোনীত কৰিছিল, ভাবিছিলো এই পদৰ গুৰুত্ব আৰু মর্যাদা বুজাৰ বাবে কোনো আছে। কিন্তু নহয়, মই ভুল আছিলো। ট্রাম্পে পূৰ্বেও এই দায়িত্বৰ গুৰুত্ব বুজা নাছিল। এতিয়াও বুজা নাই।’’
বিগত নির্বাচনত ট্রাম্পৰ প্রতিদ্বন্দ্বী হিলাৰীয়েও ব্যঙ্গ কৰি কয়, ‘‘আশাকৰো আমেৰিকাৰ মানুহে ইমান দিনে বুজিব পাৰিছে যে এই নির্বাচনটো আৰু পাঁচটা বছৰৰ দৰে নহয়।’’ ট্রাম্পেও অৱেশ্যে হিলাৰীক আক্রমণৰ সুযোগ এৰা নাই। হিলাৰীক ভয়াৱহ নেত্রী আখ্যা দিয়ে ট্ৰাম্পে।











