
নিউজ ডেস্কঃ বিষ প্রয়োগ কৰা হৈছে ৰাছিয়াৰ বিৰোধী দলনেতা এলেক্সি নাভালানিক। ৪৪ বছৰীয়া এইগৰাকী ৰাছিয়ান ৰাজনীতিকক চাহৰ সৈতে বিষ মিহলাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। তেওঁ বৰ্তমান কমালৈ যোৱা বুলি জনা গৈছে।
বৃহস্পতিবাৰে অচেতন অৱস্থাত নাভালানিক ছাইবেৰিয়াৰ এখন হস্পিটেলত ভর্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক। বর্তমান ভেন্টিলেচনত আছে ৰাছিয়াৰ বিৰোধী দলনেতাগৰাকী। বৃহস্পতিবাৰে পুৱা এই দুঃসংবাদটি দিয়ে নাভালানিৰ মুখপাত্র কিৰা ইয়াৰমিছে। এক ট্যুইট বার্তাত কিৰাই কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ একমাত্র প্রতিদ্বন্দ্বী ৪৪ বছৰীয়া এলেক্সি নাভালানি ছাইবেৰিয়াৰ টমস্কৰ পৰা বিমানত মস্কোলৈ উভতিছিল। আকাশ পথেত যাত্রাৰ সময়তেই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেতিয়া টমস্কত বিমানখন জৰুৰী অৱতৰণ কৰোৱা হয়। সেই মুহূৰ্ততে বিমানতেই অজ্ঞান হৈ পৰিছিল এলেক্সি নাভালানি। ততাতৈয়াকৈ তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। বৰ্তমান ভেন্টিলেচনত আছে এইগৰাকী ৰুছ ৰাজনীতিক। উল্লেখ্য যে পুৱা চাহ খাইছিল এলেক্সি নাভালানিয়ে। সম্ভৱত সেই চাহৰ সৈতেই কিবা মিহলোৱা আছিল। যাৰ ফলতেই তেওঁ ইমান অসুস্থ হৈ পৰিছে।”
কিৰা ইয়াৰমিছে লগতে কয়, “পৰীক্ষা নিৰীক্ষাৰ পিছত চিকিৎসকে জনাইছে এলেক্সি নাভালানিৰ শৰীৰত গৰম তৰলৰ সৈতে গৈছে বিষ।” নাভালানিক দিয়া চাহৰ লগত বিষ মিহলোৱা বুলি আশঙ্কা কৰিছে তেওঁৰ মুখপাত্রগৰাকীয়ে। ইয়াৰ পিছতেই এলেক্সি নাভালানিৰ প্রতিনিধি দলৰ তৰফৰ পৰা হস্পিটেলৰ পৰাই আৰক্ষীক খবৰ দিয়া হয়। এই মুহূর্তত এলেক্সি নাভালানিৰ শাৰীৰিক অৱস্থা যথেষ্ট সঙ্কটজনক।
উল্লেখ্য যে দুর্নীতিৰ বিৰুদ্ধে সোচ্চাৰ এলেক্সি নাভালনি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ কট্টৰ সমালোচক। যোৱা জুনত আৰু দুটা কাৰ্যকাল ক্ষমতাত থকাৰ বাবে ৰাছিয়াৰ সংবিধান সংশোধন কৰে পুতিনে। তেতিয়া সেই ঘটনাক ‘সংবিধান উলঙ্ঘন’ বুলি উল্লেখ কৰি প্রতিবাদ জনাইছিল নাভালনিয়ে।
ইয়াৰ পূৰ্বেও তেওঁ এনেধৰণৰ শাৰীৰিক আক্ৰমণৰ চিকাৰ হৈছে বুলি জনা গৈছে। যোৱা বছৰো এবাৰ এলেক্সি নাভালানিক বিষ প্রয়োগ কৰি হত্যাৰ চেষ্টা কৰা হৈছিল। সেই সময়ত এক প্রশাসনিক অভিযোগৰ ভিত্তিত কাৰাবন্দী আছিল এলেক্সি নাভালানি। বন্দী অৱস্থাতেই তেওঁ অসুস্থ হৈ পৰাত জে’লৰ পৰা ততাতৈয়াকৈ তেওঁক হস্পিটেললৈ পঠোৱা হয়। সেই সময়তো নাভালানিৰ দলে সন্দেহ কৰিছিল যে তেওঁক বিষ প্রয়োগ কৰি হত্যাৰ চেষ্টা চলোৱা হৈছে। কিন্তু সেই সময়ত চিকিৎসকে কৈছিল, এলেক্সি নাভালানিৰ এলার্জি আছে ৷
আনহাতে, ২০১৭ চনতো তেওঁক লক্ষ্য কৰি বীজাণুনাশক ছটিওৱা হৈছিল। এইবাৰ পুনৰ নাভালানিৰ ওপৰত বিষ প্রয়োগক লৈ ৰাছিয়াৰ ৰাজনীতি যে উত্তপ্ত হ’বলৈ আগবাঢ়িছে সেয়া নক’লেও হ’ব।











