![]()
নিউজ ডেস্কঃ
এই মুহূর্তত দেশজুৰি তামিলনাডুৰ তিনিগৰাকী মহিলাৰ প্রশংসাত পঞ্চমুখ নেট জগত। তামিলনাডুৰ ছেন্টমিজ ছেলভী (৩৮), মুথামাল (৩৪) আৰু অনন্তবল্লিয়ে (৩৪) তেওঁলোকে পিন্ধি থকা শাড়ী খুলি নদীত ডুবিব ধৰা দুই কিশোৰক উদ্ধার কৰি অসম্ভৱ সাহসিকতাৰ পৰিচয় দিছে।
জানিব পৰা মতে, ৬ আগৰ দিনা চিৰুবাচুৰ গাঁৱৰ ১২জন কিশোৰে কোটৰাই গাঁৱলৈ ক্রিকেট খেলিবলৈ যায়। খেলাৰ পিছত সিহঁতে সকলো মিলি কাষৰ কোতাৰাই বান্ধত গা ধুবলৈ যায়। ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ কাৰণে বান্ধৰ পানী ১৫ৰ পৰা ২০ ফুট পর্যন্ত উঠিছিল। সেই মহিলা তিনিগৰাকী য়েতেতিয়া তাত কাপোৰ ধুই আছিল। তেওঁলোকে কিশোৰ কেইটাক বান্ধৰ পানীত নামিবলৈ বাধা দিয়ে।
জনপ্রিয় সংবাদ মাধ্যম নিউ ইন্ডিয়ান এক্সপ্রেছক দিয়া সাক্ষাৎকাৰত মহিলা কেইগৰাকীয়ে কয়, হঠাৎ কেনেবাকৈ চাৰিটা কিশোৰ পিছলি গৈ বান্ধৰ পানীত পৰি যায়। তেতিয়া আমি কোনো চিন্তা নকৰাকৈয়েই পিন্ধি থকা শাড়ী খুলি সহায়ৰ বাবে পানীত পেলাই দিওঁ। তাৰে দুজনে সেই শাড়ীত ধৰি পাৰলৈ উঠি আহিলেও অন্য দুজন তল যায়। তেওঁলোকে জনোৱা মতে তেওঁলোক নিজেও পানীত নামি যায়। কিন্তু বাকী দুজনক উদ্ধাৰ কৰিব নোৱাৰিলে।
সামাজিক মাধ্যমত এই ঘটনা প্রকাশ্যে অহাৰ লগে লগেই তিনিওগৰাকী মহিলাৰ প্রশংসাত পঞ্চমুখ হয় নেট জগত। লগতে বাকী দুই কিশোৰৰ বাবেও দুখ প্রকাশ কৰে। কিছু সময় পিছত কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ হয় পানীৰ পৰা। মৃতদেহ দুটা চিনাক্ত কৰা হৈছে।











