![]()
নিউজ ডেস্কঃ
পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ বাবে কেৱল স্বপ্নই নেদেখে। সেই স্বপ্ন পূৰণ কৰিবলৈ নিজৰ সাধ্যৰ শেষ সীমাও অতিক্রম কৰে। সম্প্রতি দেশত এনে আৰু এক ঘটনা সংবাদ শিৰোনামত আহিছে। য’ত সন্তানক পৰীক্ষা কেন্দ্রত উপস্থিত কৰাবলৈ ১০৫ কিলোমিটাৰ চাইকেল চলালে পিতৃয়ে।
বিহাৰৰ ধৰ জিলাৰ মানৱাৰ মৌজাৰ এখন গাঁৱৰ এগৰাকী পিতৃয়ে প্রায় ৮৫ কিলোমিটাৰ চাইকেল চলাই পুত্ৰক পৰীক্ষা কেন্দ্রত উপস্থিত কৰালে৷ সন্তানৰ দশম শ্রেণীৰ ছাপ্লিমেন্টৰী পৰীক্ষা আছিল। পুত্ৰ আশিসে কয়, “বাছ চলাচল নকৰাৰ বাবে আমি চাইকেল চলাই আহিছো। মই অফিচাৰ হ’ব বিচাৰো৷”
জানিব পৰা মতে, শুভৰাম নামৰ ব্যক্তিজনে সোমবাৰে নিশা ১২টাত তেওঁলোকৰ যাত্রা আৰম্ভ কৰে। লগত নিয়ে তিনি দিনৰ খাদ্য। চাইকেল চলাই গৈ মঙ্গলবাৰে পুৱা পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক ১৫ মিনিট পূৰ্বে পুৱা ৭টা ৪৫ মিনিটত পৰীক্ষা কেন্দ্রত উপস্থিত হয়। জানিব পৰা মতে, তেওঁলোক পুৱতি নিশা ৪টাত মান্ডুত উপস্থিত হৈছিল।
তেওঁলোকে ১০৫ কিলোমিটাৰ চাইকেল চলাই পৰীক্ষা কেন্দ্রত উপস্থিত হোৱাৰ ঘটনা প্রকাশ্যে অহাৰ লগে লগেই জিলা উপায়ুক্তই জিলা শিক্ষা বিষয়াক নির্দেশ দিয়ে যে শিক্ষাৰ্থীগৰাকী আৰু তেওঁৰ পিতৃক যিমান শীঘ্রে সম্ভৱ ইতিবাচক সহায়তা প্রদান কৰি থকা আৰু খোৱাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ।
সংবাদ মাধ্যমক পিতৃগৰাকীয়ে কয়, তেওঁ এজন শ্রমিক। তেওঁ বিচাৰে তেওঁৰ পুত্রও শ্রমিক নহওক। তেওঁ তেওঁৰ পুত্ৰক ডাঙৰ বিষয়া বনাব বিচাৰে৷ সেই লক্ষ্যতেই ১০৫ কিঃমিঃ চাইকেল চলাই লৈ আহিছে পৰীক্ষা কেন্দ্রলৈ। তেওঁ লগতে কয়, তেওঁৰ পুত্ৰ পঢ়া-শুনাত খুবেই ভাল যদিও লকডাউনে এইবাৰ পঢ়া-শুনাত ক্ষতি কৰিছে।











