
নিউজ ডেস্কঃ
সুযোগ আছিল অন্য কোনো বিলাসবহুল স্থানত থকাৰ। সুযোগ আছিল সকলো এৰি পশ্চিমীয়া কোনো দেশত নাগৰিকত্ব লোৱাৰ। কিন্তু তেওঁ ভাৰতৰত্ন বিছমিল্লা খান, ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে এদিন ৰাগ মঙ্গলধ্বনি ৰচনা কৰিছিল৷ তেওঁ নিজৰ ভেটিমাটিটুকুৰাকেই একান্ত আপোন বুলি জানিছিল। আজি সেই ভেটিয়েই ভাঙি ধূলিৰ লগত মিহলাই দিয়া হ’ল। ভাঙি টুকুৰা টুকুৰ হোৱা ঘৰৰ টুকুৰাবোৰৰ কোনোবাটোৰ মাজত আছে বিছমিল্লা খানৰ ৰেৱাজৰ ঘৰো। অভিযোগ, প্রয়াত কিংবদন্তি চেহনাইবাদক বিছমিল্লা খানৰ ঘৰৰ এই ভঙা অংশতে তেওঁৰ আত্মীয়সকলে শ্বপিং মল নিৰ্মাণ কৰিব বিচাৰে।
ওস্তাদ বিছমিল্লা খানৰ প্রয়াণ ঘটিছিল ২০০৬ চনত। দেশজুৰি বিছমিল্লা খানৰ অনুৰাগীসকলে বিচাৰিছিল, চেহনাইবাদকজনৰ স্মৃতি বিজড়িত এই ঘৰটো মিউজিয়াম হওক। ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পাওক বিছমিল্লা খানৰ ভেটিটোৱে। কিন্তু সকলো শেষ, আগুৱাই নাহিল উত্তৰ প্রদেশ চৰকাৰ বা কেন্দ্র। যোৱা ১২ আগষ্টত সেই স্বপ্নালয়ৰো মৃত্যু হ’ল, ওস্তাদজীৰ দৰে। দৰদহীনভাৱেই ভাঙি দিয়া হ’ল বিছমিল্লা খানৰ ৰেৱাজ ঘৰ।
১৯৩৬ চনত এই ঘৰটোত আহি থিতাপি লৈছিল বিছমিল্লা খানে। কেৱল বিছমিল্লা খানেই নহয়, তেওঁ অহাৰ পূৰ্বে এই ঘৰটোতে আছিল ওস্তাদ ৰেহমত খাঁ চাহাবো। যোৱা ১২ আগষ্টত এই স্মৃতিবিজড়িত ঘৰৰ অংশবিশেষ ভাঙি মাটিত মিহলাবলৈ কাৰো যেন এবাৰলৈও হাত নকঁপিল! বাধা নাহিল আৰক্ষীৰ প্রশাসনৰ পৰাও।
সমগ্ৰ ঘটনাত স্তম্ভিত বিছমিল্লা খানৰ তোলনীয়া কন্যা সোমা ঘোষ। তেওঁ কয়, “এইটোতো কেৱল এটা ঘৰ নহয়, অনন্ত বিশ্বৰ সঙ্গীতপ্রেমীসকলৰ বাবে এটা পূজাগৃহ। মই আবেদন জনাইছো, এই ঐতিহ্যপূৰ্ণ ঘৰটোৰ সকলো সামগ্ৰী সংৰক্ষণৰ বাবে অনুমতি দিবলৈ।”
উল্লেখ্য যে এই ঘৰটোৰ মালিকানা বর্তমান বিছমিল্লা খানৰ পুত্র মেহতাব হুছেইনৰ পাঁচ সন্তানৰ। বিছমিল্লা খানৰ কনিষ্ঠ পুত্র নাজিম হুছেইনে কয়, “মই সমস্ত ঘটনা জানিব পাৰিছো৷ ২৪ আগষ্টত উত্তৰ প্রদেশলৈ আহিম৷ তেতিয়া সমগ্ৰ বিষয়টো তদন্ত কৰিম।”
উল্লেখ্য যে ১৯৪৭ চনৰ ১৫ আগষ্টত বিছমিল্লা খানে লালকিল্লাত চেহনাই বজাইছিল। তেওঁৰ সুদীর্ঘ সঙ্গীত জীৱনৰ অনুৰাগীৰ সংখ্যাও কম নাছিল। কিন্তু তেওঁলোকৰ কোনোৱেই হাদহা চৰাইৰ ভিক্ষমশ্বাহ লেনৰ ঘৰটো বচাব নোৱাৰিলে।
বহুতৰ মতে আকৌ ইয়াত অবাক হ’বলগাও একো নাই। কাৰণ বিছমিল্লা খানৰ মূল্য বুজিব নোৱাৰিলে পৰিয়ালে৷ বুজা নাই ক্ষমতাসীন চৰকাৰেও। এই কথা আগতেও প্রমাণিত হৈছে। ২০১৭ চনত ১৭ হাজাৰ টকাৰ বিনিময়ত বিছমিল্লা খানৰ চাৰিটা মহামূল্যৱান চেহনাই বিক্রী কৰি দিয়ে বিছমিল্লা খানৰ নাতিয়ে। ইয়াৰ ভিতৰত তিনিটা চেহনাই আছিল ৰূপেৰে তৈয়াৰী।










