![]()
নিউজ ডেস্কঃ
টিম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনিয়ে শনিবাৰে আন্তর্জাতিক ক্রিকেটৰ পৰা সন্ন্যাস লোৱাৰ ঘোষণা কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ধোনিক পত্ৰ লিখি তেওঁৰ প্রশংসা কৰে। প্রধানমন্ত্রীয়ে লিখে, আপোনাৰ মাজত নতুন ভাৰতৰ আত্মা দেখা যায়, আপুনি বুজাই দিছে যে যুৱশক্তিৰ নিয়তি তেওঁলোকৰ পৰিয়ালে ঠিক কৰি দিয়া নাই৷
https://twitter.com/msdhoni/status/1296362680580636672?s=20
তেওঁলোকে নিজৰ লক্ষ্য আৰু নাম নিজেই দখল কৰি লয়। ধোনিয়ে ট্যুইট কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জনায়। ধোনিয়ে লিখে, এজন শিল্পী, সেনা আৰু খেলুৱৈ প্রশংসাৰ ভোখত থাকে। তেওঁলোকে সকলো সময়তে বিচাৰে যে, তেওঁলোকৰ পৰিশ্ৰম তেওঁলোকৰ বলিদান যেন সকলোৱেই জানিব পাৰে। প্রশংসা আৰু শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰী আপোনাক ধন্যবাদ জনালো৷
প্রধানমন্ত্রী মোদীয়ে লিখে, আপুনি ১৫ আগষ্টৰ দিনা সাধাৰণভাৱে এটি ভিডিও শ্বেয়াৰ কৰিছিল৷ সেইটো সকলোৱে বুজাৰ বাবে যথেষ্ট আছিল। ১৩০ কোটি ভাৰতীয় নিৰাশ হৈছে৷ ইয়াৰ লগে লগে আপুনি বিগত ডেৰ দশকত ভাৰতৰ বা যি কৰিছে, তাৰ বাবে তেওঁলোক কৃতজ্ঞ। তেওঁ লগতে লিখে, প্ৰতিকূল সময়ত আপোনাৰ নির্ভৰতা আৰু খেলা শেষ কৰাৰ পদ্ধতি, বিশেষকৈ ২০১১ৰ বিশ্বকাপৰ ফাইনেল দশকজুৰি মানুহে মনত ৰাখিব।
প্রধানমন্ত্রীয়ে আৰু লিখে, যদি আপোনাৰ কেৰিয়াৰৰ পৰিসংখ্যা লক্ষ্য কৰা হয় তেতিয়াহ’লে আপুনি ভাৰতৰ সকলোতকৈ সফল অধিনায়ক হিচাবে খ্যাত। ভাৰতক বিশ্বৰ এক নম্বৰ দল বনোৱাৰ পিছত আপোনাৰ গুৰুত্বপূর্ণ ভূমিকা আছিল। ক্রিকেট ইতিহাসত আপোনাৰ নাম বিশ্বৰ সর্বশ্রেষ্ঠ বেটছমেন, বিশ্বশ্রেষ্ঠ অধিনায়ক আৰু নিঃসন্দেহে সর্বশ্রেষ্ঠ উইকেট ৰক্ষক হিচাবে মনত ৰখা হ’ব।











