![]()
নিউজ ডেক্স:
লিবিয়াত নাও ডুবি পাঁচটি শিশুসহ কমেও ৪৫ জন শৰণাৰ্থীৰ মৃত্যু হয়৷ লিবিয়াৰ পশ্চিম প্ৰান্তত অৱস্থিত জাৱাৰা উপকূলত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়৷ স্থানীয় মৎস্যজীৱীৰ সহায়ত এই পৰ্যন্ত ৩৭ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও বহু লোক সন্ধানহীন হৈ আছে৷
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী বিষয়ক সংস্থা ইউএনএইচচিআৰৰ তৰফৰ পৰা জনোৱা মতে লিবিয়াত ভয়াৱহ নাও দুৰ্ঘটনাত ৫টি শিশুসহ ৪৫ জন লোকৰ মৃত্যু হৈছে৷ স্থানীয় সূত্ৰই জনোৱা মতে যন্ত্ৰচালিত এই নাওৰ ইঞ্জিনত জুই লগাত বিস্ফোৰণ হয়৷ তাৰ পাচত ৮০ জন যাত্ৰীসহ নাওখন ডুব যায়৷ মৃত্যু হোৱা ৪৫ জন লোকৰ ভিতৰত দুগৰাকী অন্তঃসত্ত্বা মহিলা আছিল৷
ইয়াৰ লগতে জানিব পৰা মতে আফ্ৰিকাৰ ছেনেগাল, ছিদ, ঘানা আৰু মালিৰ পৰা ৮০ জনৰো অধিক শৰণাৰ্থী এই নাওখনেৰে লিবিয়ালৈ আহিছিল৷











