নিউজ ডেস্ক:
ইণ্টাৰনেটৰ পৃথিৱীত ক’ৰোনা সংক্ৰান্তীয় বিভিন্নধৰণৰ ভিডিঅ’ ভাইৰেল হ’ল ৷কেতিয়াবা মনোৰঞ্জন ভিডিঅ’ চাই আত্মবিভোৰ হয় নেটবস্তিৰ আবাসী সকল, আকৌ কেতিয়াবা বিষাদময় ভিডিঅ’ চাই চকুলো মুছিছে অনেকেই ৷ কিন্তু ,ক’ৰোনা মৃত্যুৰ অমৰ্যদাকলৈ এইবাৰ এক ভাইৰেল ভিডিঅ’ত অবাক নেট বাসিন্দা সকল ৷
সমগ্র বিশ্বত বৃদ্ধি পাইছিল ক’ৰোনা সংক্রমণৰ হাৰ। মৃত়্যুৰ তুলনাত সুস্থতাৰ হাৰ বেছি থাকিলেও, আক্রান্ত মানুহৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ গৈয়েই আছে৷ এই সময় আটাইতকৈ বেছি সমস্যা হৈ থিয় দিছে মৃতদেহ সৎকাৰৰ ক্ষেত্রত। বহু সময়ত দেখা গৈছে যে সংক্রমণৰ ভয়ত ক’ৰোনা মৃতকৰ শেষকৃত্য কৰিবলৈ ৰাজি নহয় পৰিয়ালৰ লোকসকল। আকৌ বহু ক্ষেত্রত এনে পৰিলক্ষিত হৈছে যে , ক’ৰোনাত মৃত্যুৰ সন্দেহত এম্বুলেন্স পর্যন্ত দিব নুখোজে হাস্পাতাল কর্তৃপক্ষ।
#WATCH Telangana: Body of a man who had #COVID19 was driven to the burial ground in a tractor by Dr Sriram, working as Peddapalli District Surveillance Officer for prevention of spread of COVID, after the driver allegedly refused to do it. pic.twitter.com/yRzziKTHqy
— ANI (@ANI) July 13, 2020
বিভিন্ন ধৰণৰ অমানবিক দৃষ্টান্ত বহুবাৰ সামাজিক মাধ্যমত প্ৰতিফলন হৈছে৷ কিন্ত এইবাৰ এক নজিৰবিহীন কাম কৰি দেখোৱালে তেলঙ্গানাৰ পেদপল্লী জেলাৰ হাস্পাতালৰ ডাক্তৰ ডঃ পেন্ডাল্যা শ্রীৰামে। নিজেই ক’ৰোনা মৃতকৰ দেহ ট্রেক্টৰ চলাই শ্মশানলৈ লৈ গৈছে শেষকৃত্যৰ বাবে ৷ এই ভিডিঅ’ নেট’ জগতত প্রকাশ পোৱাৰ লগে লগে সকলোৱে প্ৰশংসা কৰিলে চিকিৎসকক ৷
ডঃ পেন্ডাল্যা শ্রীৰাম জনাইছে যে , যোৱা ১০ ই জুলাইত ক’ৰোনা পজিটিভ এক ব্যক্তি হাস্পাতালত ভর্তি হয়। কিন্তু যোৱা ১২ জুলাইত তেওঁৰ শাৰীৰিক অবস্থাৰ অবনতিৰ বাবে তেওঁৰ মৃত্যু হয় ৷ ক’ৰোনা আক্রান্ত হৈ ৰোগীৰ মৃত্যু হোৱাত , হাস্পাতালৰ তৰফৰ পৰা দিয়া হয় মৃতদেহ বাহক ট্রেক্টৰ কিন্তু ড্রাইভাৰ যাবলৈ অস্বীকাৰ কৰে ৷
মৃতকৰ পৰিয়াল চিন্তাত পৰি যায় আৰু সুদীৰ্ঘ সময়ৰ পিছতো মৃতদেহ লৈ যোৱাত চালক ৰাজি নহ’ল ৷ সেয়ে উপায়বিহীনহৈ চিকিৎসকজনে নিজে পিপিই কীট পৰিধান কৰি ট্ৰেক্টৰ খনেৰে ক’ৰোনাৰ মৃতকৰ মৃতদেহ শ্মশানলৈ লৈ যায় ৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা মাত্ৰই সকলোয়ে চিকিৎসক গৰাকীক বাঃবাঃ দিয়া আৰম্ভ হৈ গ’ল ৷