ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
বৰ্তমান বিশ্বত জনপ্ৰিয়তা লাভ কৰা আৰু ভাৰতীয় বিশ্ব বিদ্যালয় মহাসংঘ তথা স্কুল গেমচ্ ফেডাৰেচন অৱ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত ৰ’প স্কিপিং খেলবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসমত পোনপ্ৰথমবাৰৰ বাবে গোলাঘাট জিলা ৰ’প স্কিপিং সন্থা গঠন কৰা হৈছে।
যোৱা ১০ জুলাইত সম্পূৰ্ণ সামাজিক দূৰত্ব ৰক্ষা কৰি চৰকাৰী পেঞ্চনাৰ সন্থা, বোকাখাত শাখাৰ ভৱনত অনুষ্ঠিত হোৱা এক সভাত সন্থাটি গঠন কৰা হয়। বোকাখাতৰ প্ৰৱীণ খেলুৱৈ তথা ক্ৰীড়া পেঞ্চনাৰ ৰেৱকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ক্ৰীড়াবীদ তথা অধ্যাপক সুবোধ বৰাক সভাপতি, দ্বীপেন শইকীয়া আৰু প্ৰিন্স বৰাক উপসভাপতি, ধ্ৰুৱজ্যোতি দত্তক সাধাৰণ সম্পাদক আৰু চন্দ্ৰ বৰাক কোষাধ্যক্ষ ৰূপে হৈ একৈশ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।
তদুপৰি সভাই ক্ৰমে ৰেৱকান্ত হাজৰিকা, প্ৰদীপ কুমাৰ খাউণ্ড, থানেশ্বৰ বৰা, দৰ্পন নেওগ, ৰাজেন গোহাঁই আৰু ৰজনী শৰ্মাক সন্থাৰ উপদেষ্টা ৰূপে মনোনিত কৰে। সাম্প্ৰতিক জৰুৰীকালীন পৰিস্থিতিৰ অন্ত পৰিলে আন্তঃক্লাৱ পৰ্যায়ৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈকো সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।
লক-ডাউনৰ পৰবৰ্তী সময়ত জিলাখনৰ বিভিন্ন স্থানৰ সদস্যৰ অন্তৰ্ভুক্তিৰে অধিক বৰ্দ্ধিত ৰূপত পূৰ্ণাংগ সমিতিখন গঠন কৰা হ’ব বুলি নৱগঠিত সমিতিৰ সভাপতি সুবোধ বৰাই জানিবলৈ দিছে।