ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কলেষ্টেৰল বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ :

ASSAM TIMES POST by ASSAM TIMES POST
July 12, 2020
Reading Time: 1 min read
A A
0
কলেষ্টেৰল বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ :

Cholesterol plaque in artery

বিশেষ প্ৰতিবেদন: 

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

logo new 2 6 | ASSAM TIMES POST

চিকিৎসা বিজ্ঞানীসকলৰ এক সমীক্ষাত কোৱা হৈছে, বিশ্বজুৰি হৃদৰোগীৰ সংখ্যা আশঙ্কাজনক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত হৃদপিণ্ডৰ পেশীৰ ধমনীত বাধা সৃষ্টিৰ বাবে বহুতে হৃদৰোগত আক্রান্ত হৈছে। আৰু এই বাধা সৃষ্টিৰ অন্যতম কাৰণ ৰক্তত কলেষ্টেৰলৰ মাত্রা বৃদ্ধি পোৱা। আৰু ইয়াৰ অন্যতম কাৰণ খাদ্যাভ্যাসৰ পৰিবর্তন, কয় চিকিৎসা বিজ্ঞানীসকলে।

cholesterol in human heart vector 6009158 e1594518583707 | ASSAM TIMES POST

ফেট বা স্নেহপদার্থ শৰীৰৰ শক্তি যোগোৱা অত্যাবশ্যকীয় উপাদান। ফেটেৰেই এটি বিশেষ শ্ৰেণী হ’ল কলেষ্টেৰল। ভিটামিন ডি, পিত্ত, অম্ল, পিত্তলবণ, ষ্টেৰয়ড আৰু যৌন হৰমোন সংশ্লেষ আৰু কোষপর্দাৰ উপাদানৰূপে এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু খাদ্য উপাদান হিচাবে ইয়াক গ্রহণ কৰাৰ প্রয়োজন নাই— এই মত চিকিৎসকসকলৰ। কাৰণ, মানৱ শৰীৰৰ প্রতিটো কোষ বিশেষকৈ যকৃৎ (৭৫ শতাংশ), ত্বক, অ্যাড্রিনাল আৰু অন্ত্রৰ কোষসমূহত অন্য ফেটৰ পৰা যি পৰিমাণৰ কলেষ্টেৰল সৃষ্টি কৰে সেয়াই যথেষ্ট বুলি অনুমান কৰা হয়।

Fotolia 182975317 Subscription L e1535446747646 | ASSAM TIMES POST

যেতিয়া খাদ্যৰ মাধ্যমেৰে কলেষ্টেৰল গ্রহণ মাত্রাতিৰিক্ত হৈ থাকে, তেতিয়া ই সমস্যা হিচাবে দেখা দিয়ে। আকৌ অধিক পৰিমাণে শর্কৰা জাতীয় খাদ্য গ্রহণ কৰিলেও সি শৰীৰত ফেটলৈ ৰূপান্তৰিত হয়। দেহ কোষসমূহত তেতিয়া অধিক পৰিমাণে কলেষ্টেৰল সৃষ্টি কৰে। কিছু পৰিমাণ মল আৰু চিবামৰ সৈতে ৰেচিত হ’লেও, জাৰিত কলেষ্টেৰলৰ এটা ডাঙৰ অংশ ধমনীৰ প্রাচীৰত জমা হৈ ৰক্তৰ প্রবাহত বাধা সৃষ্টি কৰে। ইয়াৰ ফলত হৃৎপিণ্ডৰ বাম-নিলয়ৰ প্রাচীৰ পূৰ্ণ হৈ ৰক্ত উৎক্ষেপণ ক্ষমতা হ্রাস পায়। হৃৎপিণ্ডৰ পেশীত ৰক্ত বহনকাৰী সূক্ষ্ম ধমনীবোৰত যেতিয়া কলেষ্টেৰল ট্রাইগ্লিছাৰাইড আৰু অনুচক্রিকা জমা হৈ পিণ্ডৰ সৃষ্টি হয়, তেতিয়া ৰক্ত প্রবাহ বন্ধ হৈ হার্ট এটাকৰ আশঙ্কা দেখা দিয়ে। ইয়াৰ উপৰি এনজিনা, হার্ট ফেলিওৰ প্রভৃতি হৃৎপিণ্ড সংক্রান্ত ৰোগসমূহ ৰক্তত উচ্চ কলেষ্টেৰলৰ কাৰণে ঘটে।

GettyImages 98286633 thumb 732x549 1 | ASSAM TIMES POST

চিকিৎসাবিদসকলৰ মতে, ৰক্তত কলেষ্টেৰলৰ স্বাভাবিক মাত্রা হ’ল ২০০ মিলিগ্রাম প্রতি ডেচিলিটাৰৰ কম। ৰক্তত কলেষ্টেৰল এক নির্দিষ্ট মাত্রাত থাকিলে (বিজ্ঞানীসকলে কয়, এই মাত্রাটি হ’ব পাৰে প্রতি ডেচিলিটাৰত ১৬০ মিলিগ্রামৰ কম) হৃদৰোগ এৰাই চলা সম্ভৱ হয়। ‘ট্রান্স ফেটি এচিড’ সমৃদ্ধ ‘ফাষ্ট ফুড’, চিপছ, কুকিজ, ধূমপান ও মদ্যপান প্রভৃতিয়ে ৰক্তত এইচডিএল কলেষ্টেৰলৰ মাত্রা কমাই এলডিএল কলেষ্টেৰলৰ মাত্রা বঢ়ায়। ৰক্তত এইচডিএল কলেষ্টেৰলৰ মাত্রা কমা আৰু এলডিএল কলেষ্টেৰলৰ মাত্রা বঢ়াৰ ফলত কলেষ্টেৰলৰ স্বাভাবিক ভাৰসাম্য বিঘ্নিত হয়। আৰু ইয়াতেই বাঢ়ে হৃদৰোগৰ আশঙ্কা। সম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য খোৱাৰ ফলত এই সমস্যা হৈ থাকে।

Veggies Getty 1180760048 vp1 | ASSAM TIMES POST

চিকিৎসকৰ দাবী, একক আৰু বহু অসম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য খলে এই সমস্যা এৰাব পৰা যায়। সম্পৃক্ত খাদ্যৰ তালিকাযে ৰখা হয় চর্বি জাতীয় মাংস, নাৰিকল, মাখন, ঘি, কাজু বাদাম, কণীৰ কুহুম, পাম তেল প্রভৃতি। হৃদৰোগত আক্রান্ত ব্যক্তিক এই খাদ্যসমূহ এৰাই চলিব কয় চিকিৎসকে।

অসম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য, যেনে- তিচিৰ তেল, সৰিয়হ তেল, সূর্যমুখী তেল, মাছ, মাছৰ তেল আৰু ছয়াবিন- এইবোৰ খালে হৃদৰোগৰ আশঙ্কা বহুতেই কমে। ইয়াৰ উপৰি অন্টি অক্সিডেন্ট আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যেনে শাক, পাচলি, ফলে কলেষ্টেৰল বিপাকৰ সৈতে সম্পর্কযুক্ত ইমিউন প্রতিক্রিয়া, প্রদাহ আৰু ৰক্ততঞ্চন নিয়ন্ত্রণ কৰে।

চিকিৎসকসকলে অনুমান কৰে, নিয়মিত অঙ্গ-প্রত্যঙ্গ সঞ্চালন, শৰীৰচর্চা, যোগাসন, ব্যায়াম, দৌৰা- এইবোৰৰ মাধ্যমেৰে কলেষ্টেৰলৰ ক্ষতিকৰ প্রভাবৰ পৰা বহুখিনি দূৰত থকা যায়। সুস্থ মন, সুস্থ শৰীৰ পাবলৈ হ’লে জীবন-যাপনৰ ধৰণে পৰিবর্তন আনিব লাগিব, সলনি কৰিব লাগিব খাদ্যাভ্যাসও।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx