বিশেষ প্ৰতিবেদন:
![]()
চিকিৎসা বিজ্ঞানীসকলৰ এক সমীক্ষাত কোৱা হৈছে, বিশ্বজুৰি হৃদৰোগীৰ সংখ্যা আশঙ্কাজনক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত হৃদপিণ্ডৰ পেশীৰ ধমনীত বাধা সৃষ্টিৰ বাবে বহুতে হৃদৰোগত আক্রান্ত হৈছে। আৰু এই বাধা সৃষ্টিৰ অন্যতম কাৰণ ৰক্তত কলেষ্টেৰলৰ মাত্রা বৃদ্ধি পোৱা। আৰু ইয়াৰ অন্যতম কাৰণ খাদ্যাভ্যাসৰ পৰিবর্তন, কয় চিকিৎসা বিজ্ঞানীসকলে।

ফেট বা স্নেহপদার্থ শৰীৰৰ শক্তি যোগোৱা অত্যাবশ্যকীয় উপাদান। ফেটেৰেই এটি বিশেষ শ্ৰেণী হ’ল কলেষ্টেৰল। ভিটামিন ডি, পিত্ত, অম্ল, পিত্তলবণ, ষ্টেৰয়ড আৰু যৌন হৰমোন সংশ্লেষ আৰু কোষপর্দাৰ উপাদানৰূপে এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু খাদ্য উপাদান হিচাবে ইয়াক গ্রহণ কৰাৰ প্রয়োজন নাই— এই মত চিকিৎসকসকলৰ। কাৰণ, মানৱ শৰীৰৰ প্রতিটো কোষ বিশেষকৈ যকৃৎ (৭৫ শতাংশ), ত্বক, অ্যাড্রিনাল আৰু অন্ত্রৰ কোষসমূহত অন্য ফেটৰ পৰা যি পৰিমাণৰ কলেষ্টেৰল সৃষ্টি কৰে সেয়াই যথেষ্ট বুলি অনুমান কৰা হয়।

যেতিয়া খাদ্যৰ মাধ্যমেৰে কলেষ্টেৰল গ্রহণ মাত্রাতিৰিক্ত হৈ থাকে, তেতিয়া ই সমস্যা হিচাবে দেখা দিয়ে। আকৌ অধিক পৰিমাণে শর্কৰা জাতীয় খাদ্য গ্রহণ কৰিলেও সি শৰীৰত ফেটলৈ ৰূপান্তৰিত হয়। দেহ কোষসমূহত তেতিয়া অধিক পৰিমাণে কলেষ্টেৰল সৃষ্টি কৰে। কিছু পৰিমাণ মল আৰু চিবামৰ সৈতে ৰেচিত হ’লেও, জাৰিত কলেষ্টেৰলৰ এটা ডাঙৰ অংশ ধমনীৰ প্রাচীৰত জমা হৈ ৰক্তৰ প্রবাহত বাধা সৃষ্টি কৰে। ইয়াৰ ফলত হৃৎপিণ্ডৰ বাম-নিলয়ৰ প্রাচীৰ পূৰ্ণ হৈ ৰক্ত উৎক্ষেপণ ক্ষমতা হ্রাস পায়। হৃৎপিণ্ডৰ পেশীত ৰক্ত বহনকাৰী সূক্ষ্ম ধমনীবোৰত যেতিয়া কলেষ্টেৰল ট্রাইগ্লিছাৰাইড আৰু অনুচক্রিকা জমা হৈ পিণ্ডৰ সৃষ্টি হয়, তেতিয়া ৰক্ত প্রবাহ বন্ধ হৈ হার্ট এটাকৰ আশঙ্কা দেখা দিয়ে। ইয়াৰ উপৰি এনজিনা, হার্ট ফেলিওৰ প্রভৃতি হৃৎপিণ্ড সংক্রান্ত ৰোগসমূহ ৰক্তত উচ্চ কলেষ্টেৰলৰ কাৰণে ঘটে।
![]()
চিকিৎসাবিদসকলৰ মতে, ৰক্তত কলেষ্টেৰলৰ স্বাভাবিক মাত্রা হ’ল ২০০ মিলিগ্রাম প্রতি ডেচিলিটাৰৰ কম। ৰক্তত কলেষ্টেৰল এক নির্দিষ্ট মাত্রাত থাকিলে (বিজ্ঞানীসকলে কয়, এই মাত্রাটি হ’ব পাৰে প্রতি ডেচিলিটাৰত ১৬০ মিলিগ্রামৰ কম) হৃদৰোগ এৰাই চলা সম্ভৱ হয়। ‘ট্রান্স ফেটি এচিড’ সমৃদ্ধ ‘ফাষ্ট ফুড’, চিপছ, কুকিজ, ধূমপান ও মদ্যপান প্রভৃতিয়ে ৰক্তত এইচডিএল কলেষ্টেৰলৰ মাত্রা কমাই এলডিএল কলেষ্টেৰলৰ মাত্রা বঢ়ায়। ৰক্তত এইচডিএল কলেষ্টেৰলৰ মাত্রা কমা আৰু এলডিএল কলেষ্টেৰলৰ মাত্রা বঢ়াৰ ফলত কলেষ্টেৰলৰ স্বাভাবিক ভাৰসাম্য বিঘ্নিত হয়। আৰু ইয়াতেই বাঢ়ে হৃদৰোগৰ আশঙ্কা। সম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য খোৱাৰ ফলত এই সমস্যা হৈ থাকে।

চিকিৎসকৰ দাবী, একক আৰু বহু অসম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য খলে এই সমস্যা এৰাব পৰা যায়। সম্পৃক্ত খাদ্যৰ তালিকাযে ৰখা হয় চর্বি জাতীয় মাংস, নাৰিকল, মাখন, ঘি, কাজু বাদাম, কণীৰ কুহুম, পাম তেল প্রভৃতি। হৃদৰোগত আক্রান্ত ব্যক্তিক এই খাদ্যসমূহ এৰাই চলিব কয় চিকিৎসকে।
অসম্পৃক্ত ফেটি এচিডযুক্ত খাদ্য, যেনে- তিচিৰ তেল, সৰিয়হ তেল, সূর্যমুখী তেল, মাছ, মাছৰ তেল আৰু ছয়াবিন- এইবোৰ খালে হৃদৰোগৰ আশঙ্কা বহুতেই কমে। ইয়াৰ উপৰি অন্টি অক্সিডেন্ট আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যেনে শাক, পাচলি, ফলে কলেষ্টেৰল বিপাকৰ সৈতে সম্পর্কযুক্ত ইমিউন প্রতিক্রিয়া, প্রদাহ আৰু ৰক্ততঞ্চন নিয়ন্ত্রণ কৰে।
চিকিৎসকসকলে অনুমান কৰে, নিয়মিত অঙ্গ-প্রত্যঙ্গ সঞ্চালন, শৰীৰচর্চা, যোগাসন, ব্যায়াম, দৌৰা- এইবোৰৰ মাধ্যমেৰে কলেষ্টেৰলৰ ক্ষতিকৰ প্রভাবৰ পৰা বহুখিনি দূৰত থকা যায়। সুস্থ মন, সুস্থ শৰীৰ পাবলৈ হ’লে জীবন-যাপনৰ ধৰণে পৰিবর্তন আনিব লাগিব, সলনি কৰিব লাগিব খাদ্যাভ্যাসও।













