নিউজ ডেস্ক:

পুনৰ বিস্ফোৰক মন্তব্য কৰিছে সংগীত শিল্পী চনু নিগমে৷ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা টানি আনি বলিউডৰ সংগীত জগততো মাফিয়াৰাজৰ কথা উল্লেখ কৰে চনু নিগমে৷ তেওঁ কয়, “আজি সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছে, কাইলৈ হয়তো বলিউডৰ সংগীত জগতৰো কাৰোবাৰ এই মৃত্যু খবৰ আহিব পাৰে৷”

উল্লেখ্য যে বলিউডত প্ৰায়েই বিতৰ্কিত মন্তব্যৰে শিৰোনাম দখল কৰি আহিছে চনু নিগমে৷ এইবাৰ সুশান্তৰ মৃত্যুৰ পিছত যি স্বজন-তোষণৰ কথা উঠি আছে তাক সমৰ্থন কৰিবলৈ গৈয়ে নাম নধৰাকৈ চলমান খানক আক্ৰমণৰ লক্ষ্য কৰি লয় চনু নিগমে৷

তেওঁ কয়, “আজিকালি যিগৰাকী অভিনেতাৰ বিৰুদ্ধে স্বজন-তোষণৰ নান অভিযোগ উঠি আছে তেওঁ সংগীতৰ জগতখনতো যথেষ্ট প্ৰভাৱ খটুৱায়৷ নিজৰ পচন্দৰ মানুহক গান গাবলৈ দিয়ে, নহ’লে নিদিয়ে৷ অৰিজিৎ সিঙৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট প্ৰভাৱ খটুৱাইছিল, সেইটো কোনোৱে নজনা নহয়৷ এবাৰতো মোক এটা গান গাবলৈ দি পিছত সেইটো অন্যৰ দ্বাৰা গোৱাইছিল৷

ইয়াৰ লগতে বলিউডৰ অভিনয় জগতত বিভিন্ন লবীৰ কথা ক’বলৈ গৈ চনুৱে কয়, “সংগীত জগতৰ দুটা মিউজিক কোম্পানী আছে যিয়ে নিজৰ পচন্দৰ গায়কক লৈহে গান গোৱায়৷ এতিয়াটো তেওঁলোকেই সিদ্ধান্ত গ্ৰহণ কৰে কাক ইণ্ডাষ্ট্ৰীৰ পৰা আঁতৰাই পঠাব আৰু কাক ৰাখিব৷ বহু সময়ত প্ৰযোজকক বা সংগীত পৰিচালকৰ ওপৰত প্ৰভাৱ খটুৱাই এই কামবোৰ কৰা হয়৷”