ASSAM TIMES POST
নিউজ ডেস্ক:
কাইলৈ অৰ্থাৎ ৬ মে’ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব এই ফলাফল। কৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব অনলাইনৰ জৰিয়তে। আনহাতে, এইবাৰৰ ফলাফল আনবাৰতকৈ কিছু পৃথক হ’ব বুলি ইতিমধ্যেই ছেবাই ঘোষণা কৰিছিল৷ লগতে থাকিব বহুকেইটা নতুন নিয়মো। এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাঃ
• ফলাফল ল’বৰ বাবে কোনো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক বিদ্যালয়লৈ যাব নালাগে।
• ঘৰত বহি মোবাইলত চায়েই ল’ব পাৰিব ফলাফল।
• পূৰ্বৰ দৰে স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ কোনো শোভাযাত্ৰা উলিয়াব নোৱাৰিব।
• সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী বা অন্যান্য উত্তীৰ্ণসকলৰ ঘৰলৈ গৈয়ো কোনোৱে ভিৰ কৰিব নোৱাৰিব।
• এইবাৰ মাৰ্কশ্বিতো প্ৰদান কৰা হ’ব অনলাইনযোগে৷ ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰা মাৰ্কশ্বিটেৰেই ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব।
• শিক্ষামন্ত্ৰীৰ লগতে আশ্বাস- এইবাৰো পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ বিসংগতিমুক্ত হ’ব।













