ASSAM TIMES POST
নিউজ ডেস্ক:
আইপিএলৰ আশা এতিয়াও এৰা নাই বিচিচিআইয়ে৷ প্রয়োজন হ’লে বিদেশতো হ’ব পাৰে এইবাৰৰ আইপিএল। ভাৰতত আইপিএল আয়োজন কৰিবলৈ নাপালে বিচিচিআইৰ হাতত এটাই আছে শেষ বিকল্প৷ ব’ৰ্ডৰ সূত্রত কোৱা হৈছে যে ‘সকলো বিকল্পই ভবা হৈছে। প্রয়োজনত আইপিএল বিদেশতো আয়োজন কৰা হ’ব। সেয়াই শেষ বিকল্প।’ ইয়াৰ আগেয়েও বিদেশত আইপিএল আয়োজন কৰা হৈছিল। সেয়ে এয়া নতুন একো নহয়। ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ নকমিলে আইপিএল যে এইবাৰ বিদেশত হ’ব পাৰে, তাৰ ইংগিত পোৱা গ’ল।
উল্লেখ্য যে ২৯ মার্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল আইপিএলৰ৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে পিছুৱাই গ’ল। সেই পৰিস্থিতিত অনিশ্চিত হৈ পৰিল আইপিএল। হয়তু বাতিলও হ’ব পাৰে৷ ব’ৰ্ডে চেষ্টা কৰিছে, টি-২০ বিশ্ব কাপ যদি বাতিল হয়, তেতিয়া অক্টোবৰ–নৱেম্বৰত আইপিএল আয়োজন কৰাৰ কথা ভাবিব পাৰে বিচিচিআয়ে৷ স্মতৰ্ৱ্য যে ২০০৯ চনত লোকসভা নির্বাচনৰ বাবে আইপিএল দক্ষিণ আফ্রিকাত অনুষ্ঠিত হৈছিল। ২০১৪ চনত একেই কাৰণত আইপিএলৰ প্রথম অংশ সংযুক্ত আৰব আমীৰশ্বাহী আৰু পৰবর্তী পর্ব হৈছিল ভাৰতত৷
মন কৰিব লগা যে ১০ জুনত টি-২০ বিশ্ব কাপ সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে আইচিচিয়ে। তালৈ ব’র্ডেও অপেক্ষা কৰি আছে৷ ব’র্ডৰ এজন বিষয়াই কয়, ‘টি-২০ বিশ্ব কাপলৈ চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে আমি একো ক’ব নোৱাৰো। বিশ্ব কাপ যদি বাতিল হয়, তাৰ পাছত আমি পৰৱৰ্তী পদক্ষেপ আগবঢ়াম৷













