‘বাৰ্ষিক বাজেট অধীনত উন্নয়ণৰ আবণ্টিত পুঁজিৰ ৯৬ শতাংশ ধন পাৰ্বত্য জিলাত মুকলি কৰি দিয়া হৈছ’- পাৰ্বত্য এলেকা উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ
ASSAM TIMES POST
ডিফুঃ “বাৰ্ষিক একছন প্লেনৰ বাজেটৰ আবণ্টিত ধনৰ ৯৬ শতাংশ ধন পাৰ্বত্য জিলা তিনিখনৰ উন্নয়ণৰ বাবে মুকলি কৰা হৈছে আৰু উন্নয়ণৰ ধন মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উন্নয়ণ বিভাগ শীৰ্ষত আছে ৷” এই মন্তব্য পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙৰ ৷
আজি ডিফু চহৰৰ শীতলাবাড়ী নাট্য মন্দিৰ প্ৰাঙ্গনত কাৰবি আংলং জিলা বিজেপিৰ সভাপতি তথা ইএম ৰতন টেৰণৰ পৌৰৱহিত্যত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বিধায়াক পুঁজীৰ সুহৃদ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে বাৰ্ষিক বাজেটত আবণ্টিত উন্নয়ণ পুঁজিৰ ধন গুৱাহাটী উন্নয়ণ বিভাগত সৰ্বনিম্ন ধন মুকলি কৰি দিয়া হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰংহাঙে ৷ আজি পূব কাৰবি আংলং বিজেপিৰ সাংধাৰণ সম্পাদক অজিত দে’ই সভাৰ উদ্দেশ্য বাখ্যা কৰে ৷ সভাত কাৰবি পৰিষদৰ ইএম দ্বয় অমৰছিং তিচ’ আৰু প্ৰদীপ ডিফুছাই মূল্যবান ভাষণ প্ৰদান কৰি সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা আহৰণ আৰু বেমাৰী সকলৰ সুবিধাৰ বাবেই বিজেপি চৰকাৰে এনে কল্যাণ মূলক আঁচনি গ্ৰহণ কৰিছে কয় ৷
ইয়াৰোপৰি মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীয়ে কয় সুহৃদ আঁচনিৰ বিষয়ে ৰাইজৰ মাজত বহল ভিত্তিত প্ৰচাৰ হ’ব লাগে, যাতে উক্ত আঁচনিৰ প্ৰকৃত উদ্দেশ্য সফল হয় আৰু হিতাধিকাৰী সকল উপকৃত হয় ৷ সুহৃদ আঁচনিৰ অধীনত ডিফু বিধান সভা সমষ্টিৰ ২৮০ টা ভোটকেন্দ্ৰৰ বিপৰীতে আজি ৪৯১ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক চেক বিতৰণ কৰা হয় ৷
ইয়াৰে শিক্ষাত ২৮১ গৰাকী আৰু চিকিৎসাত ২১০ গৰাকী হিতাধিকাৰীৰ মাজত ৫০০০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয় ৷ এই আঁচনিৰ জৰিয়তে সৰ্বনিম্ন ৫,০০০ হাজাৰ আৰু সৰ্বোচ্চ ২০,০০০ হাজাৰ টকালৈকে সাহায্য প্ৰদান কৰা হয় যদিও বৰ্তমান সকলোকে এই আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ বাবে হিতাধিকাৰীসকলক ৫০০০ টকাকৈ চেক বিতৰণ কৰা হৈছে ৷
আনহাতে উন্নয়ণৰ ধন যাতে উভতি নাযায় তাৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰী সকলক সদিচ্ছা আৰু আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে হস্তান্তৰ নোহোৱা বিভাগ সমূহৰ কাম- কাজত গুৰুত্ব আৰোপ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷