ASSAM TIMES POST
নিউজ ডেস্ক:
কেৰিয়াৰৰ প্ৰথম এদিনীয়া মেচত হেটট্ৰিক কৰি চৰ্চিত হোৱা শ্ৰীলংকান পেচাৰ শেহান মদুশনকা শেহতীয়াকৈপুনৰ চৰ্চালৈ আহিছে। কিয়নো শ্ৰীলংকা ক্ৰিকেট দলটোৰ অন্যতম দক্ষ পিচাৰ শেহান মদুশনকাক নিসিদ্ধ মাদকদ্ৰব্য ‘হিৰোইন’ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে শ্ৰীলংকা আৰক্ষীয়ে।
সোমবাৰে দেশখনত অব্যাহত থকা কাৰফিউ ভংগ কৰি নিজৰ ব্যক্তিগত বাহনেৰে যাত্ৰা কৰাৰ সময়তে আৰক্ষীৰ ৰোষত পৰে খেলুৱৈ গৰাকী।ইয়াৰ পাছতেই ২৫বছৰীয়া খেলুৱৈ গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এক বুজন পৰিমাণৰ নিসিদ্ধ ‘হিৰোইন’।আনহাতে খেলুৱৈ গৰাকীক দুসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।













