ASSAM TIMES POST
ডিজিটেল ডেস্ক :
এবছৰ বাতিল হ’লেও ১৭ বছৰ অনুৰ্দ্ধ মহিলা বিশ্ব কাপ ফুটবল অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব৷ মঙলবাৰে এই টুৰ্ণামেণ্টৰ নতুন দিন ঘোষণা কৰিলে আয়োজকে৷ উল্লেখ্য যে তিনি বছৰৰ আগেয়ে ভাৰতৰ মাটিত ১৭ বছৰ অনুৰ্দ্ধ পুৰুষৰ বিশ্ব কাপ ফুটবল ভাৰতত সফলভাৱে অনুষ্ঠিত হৈছিল৷ এইবাৰ ফিফাই ১৭ বছৰ অনুৰ্দ্ধ মহিলা বিশ্ব কাপ আয়োজনৰ দায়িত্ব দিলে৷
চলিত বছৰৰ নৱেম্বৰত এই টুৰ্ণামেণ্টখন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰোনা আতংকৰ বাবে ফুটবল খেলুৱৈৰ নিৰাপত্তাৰ খাতিৰত এই বিশ্ব কাপ বাতিল কৰা হয়৷ আজি জনোৱা হ’ল অহা বছৰ অৰ্থাৎ ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা এই বিশ্ব কাপ আৰম্ভ হ’ব৷ আনহাতে ৭ মাৰ্চত এই মহিলা বিশ্ব কাপ শেষ হ’ব৷ এই বিশ্ব কাপ ফুটবল টুৰ্ণামেণ্টৰ জৰিয়তে ভাৰতত মহিলা ফুটবলৰ বহু উন্নতি হ’ব বুলি বিভিন্নজনে আশা প্ৰকাশ কৰিছে৷













