ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
কেৰালাৰ ইৰনাকুলাম নামৰ ঠাইখনৰ বাসিন্দা যোছেফ ফ্ৰান্সিছে নিজৰ ঘৰৰ চৌহদত প্ৰায় ৪০ জোপা বিভিন্ন প্ৰজাতিৰ গছ আৰু মৎস্য পালন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এই লোকজনে তেওঁৰ ঘৰৰ ৫ শতাংশ মাটি, ১৮০০ বৰ্গ ফুট লৈছে৷ যোছেফে তেওঁৰ ঘৰৰ ছাদ আৰু মাটিত আন কেতবোৰ কামো কৰিছে৷
পিশাত এজন এচি টেকনিচিয়ান ৬৩ বছৰী যোছেফ লগতে এজন খেতিয়কো৷ যোৱা ২০ বছৰ ধৰি সময় ওলিয়াই তেওঁ খেতি কৰি আছে৷ প্ৰথমে গোলাপ ফুলৰে তেওঁ এই কামৰ পাতনি মেলে৷ তাৰ পাছত তেওঁ অৰকিড আৰু কাঠফুলাৰ খেতি কৰে৷ অৱশেষত তেওঁ আমৰ খেতি কৰে যিটোৱে যোছেফৰ সৌভাগ্য হৈ পৰে৷ ‘মোৰ মাতৃ গৃহ ফৰ্ট কোচীত৷ তাত বহু প্ৰজাতিৰ গোলাপ আছে৷
মোৰ খুড়াই ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সেই ফুল আনিছিল৷ এই গোলাপ কটাৰ পাছত বেংগালুৰুত দেখিবলৈ পোৱা যায়৷ কোচী ঘৰলৈ বহু সংগ্ৰহ কৰি অনা হয়৷ ই মোক সঁচাকৈ উৎসাহী কৰে৷ যেতিয়া৷মই মোৰ পত্নীৰ সৈতে নিজা ঘৰলৈ যাওঁ তেতিয়া গোলাপবোৰৰ আৰম্ভ কৰো৷ তেওঁ এনেদৰে বহলাই কয়৷ যোছেফে অৱশেষত সিদ্ধান্ত লয় আমৰ খেতি কৰিবলৈ৷ তেওঁ এখন এক্সপ’ত দেখাৰ পাছত এই সিদ্ধান্ত লয়৷
‘মই ভাবিলো যদি তেওঁলোকে বেগতে আম গছ কৰিব পাৰিছে ময়ো কেইটামান প্ৰজাতি ছাদত কৰিব পাৰিম৷’ এনেদৰে তেওঁ উল্লেখ কৰে৷ কিন্তু বেগ ব্যৱহাৰ কৰাতকৈ মই পিভিচি ড্ৰাম আধাতে কাটি আম ৰোপন কৰো৷ এই ড্ৰামৰ তলত ফুটা ৰাখিছো যাতে অতিৰিক্ত পানী ওলাই যায়৷ এই ড্ৰামবোৰ সহজে ঠাই সলনি কৰিব পাৰি৷ তেওঁ ঘৰৰ ছাদত ৫০টাৰো অধিক প্ৰজাতিৰ আম আছে আৰু সেইবোৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছে৷
যোছেফে এটা প্ৰজাতি নিজৰ কৌশল ব্যৱহাৰ কৰি সৃষ্টি কৰিছে৷ এই প্ৰজাতিৰ নাম তেওঁৰ পত্নীৰ নামত ‘পটৰিচিয়া’ দিছে৷ এই আম অতি মিঠা বুলি তেওঁ কয়৷ প্ৰতি দেওবাৰে কমেও ২০টা প্ৰজাতিৰ তেওঁ ২,৫০০ টকাৰ পৰা ১০,০০০ টকাত বিক্ৰী কৰে৷ উল্লেখ্য যে তেওঁ ২৫০ টা প্ৰজাতিৰ গোলাপ ফুলেৰে আৰম্ভ কৰিছিল যদিও শেষত আমৰ খেতি কৰে৷ কোনো দিনাই লাভৰ অংক নকৰা এই লোকজনে নিজৰ বন্ধু, পৰিয়াল আৰু চাবলৈ অহা লোকক দিয়ে৷