ASSAM TIMES POST
নিউজ ডেস্ক:
অহা সপ্তাহত ব্ৰিটেইনত ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধী টিকা মানৱ শৰীৰত দিয়া হ’ব৷ ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত ক’ভিড-১৯ টিকা প্ৰয়োগ কৰি আশাৰ ৰেঙণি দেখিছে বিজ্ঞানীয়ে৷ সম্প্ৰতি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গবেষক দলৰ প্ৰধান অধ্যাপক এড্ৰিয়ান হিলে ‘দ্য ডেইলী মেল’ নামৰ সংবাদ পত্ৰখনত এক সাক্ষাৎকাৰত কয়, প্ৰথম পৰ্যায়ত ১৮-৫৫ বছৰ বয়সীয়া ৫১০ জন স্বেচ্ছাসেৱীক অহা সপ্তাহত ক’ভিড-১৯ ভেকছিন দিবৰ বাবে সন্মত কৰা হৈছে৷
কাকতখনত প্ৰকাশিত বাতৰি মতে অক্সফৰ্ডৰ বিজ্ঞানীয়ে ক’ভিড-১৯ ভেকছিনৰ ক্ষেত্ৰত আশাবাদী৷ অহা কেইটামান মাহৰ ভিতৰত এই টিকাৰ সহায়ত লাখ লাখ মানুহ ক’ৰ’ণা ভাইৰাছৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা পাব বুলি তেওঁ বিশ্বাস কৰে৷ অধ্যাপক এড্ৰিয়ান হিলে আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ছিম্পাঞ্জিৰ শৰীৰত চাৰ্চ কোভ-২ ভাইৰাছ বেজী দিয়ে৷ ছিম্পাঞ্জিৰ শৰীৰত ভাইৰাছৰ বিৰুদ্ধে এণ্টিব’ডি তৈয়াৰ কৰি এই বেজী দিয়ে৷
এই এণ্টিব’ডিক টিকা হিচাপে মানৱ দেহত দিলে চাৰ্চ কোভ-২ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ তৈয়াৰ হ’ব বুলি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দল নিশ্চিত৷ ইতিমধ্যে প্ৰাণী দেহত এই টিকা ব্যৱহাৰ কৰি ভাল ফল পোৱা গৈছে৷ এইবাৰ মানৱ শৰীৰত পৰীক্ষা কৰি টিকাটোৰ কাৰ্যকৰিতাৰ সম্পৰ্কে নিশ্চিত হোৱা যাব৷ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ChAdOx1 nCoV-19 ভেকছিনৰ সফলতা পাব বুলি অতি আশাবাদী৷