ASSAM TIMES POST
নিউজ ডেস্ক:
চলিত বছৰত আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কমি গ’ল৷ দেশত লকডাউনৰ দিন বৃদ্ধি পালে৷ ফলত অনিৰ্দিষ্টকালৰ বাবে স্থগিত হৈ পৰিল আই পি এল৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে ৩ মে’ৰ পাছত পৰিস্থিতি পৰ্যালোচনা কৰা হ’ব৷ উল্লেখ্য যে ২৯ মাৰ্চত এই মেগা টুৰ্ণামেণ্টখন আয়োজন কৰাৰ কথা আছিল৷
ক’ৰ’ণাৰ বাবে প্ৰাথমিকভাৱে ১৫ এপ্ৰিললৈকে আই পি এল স্থগিত ৰখা হৈছিল৷ এতিয়া ৩ মে’ পৰ্যন্ত লকডাউন বৃদ্ধি কৰাত চলিত বছৰত আই পি এল আয়োজন অনিশ্চয়তাৰ দিশে আগবাঢ়িল৷ বৰ্তমান পৰিস্থিতিত মে’ মাহত লকডাউন উঠি গ’লেও আই পি এলৰ দৰে খেল আয়োজন কৰা কঠিন৷













