ASSAM TIMES POST
নিউজ ডেস্ক:
২০৩০ চনৰ ভিতৰত দাৰিদ্র্য মুক্ত পৃথিৱীৰ লক্ষ্য লৈ আগবাঢ়িছিল ৰাষ্ট্ৰ সংঘ। কিন্তু সকলো ওলট-পালত কৰিলে ক’ৰোণা ভাইৰাছে। দাৰিদ্র্য কমা দূৰৈৰ কথা, আৰু ৫০ কোটি মানুহ চৰম গৰিবীৰ কবলত পৰিব। ৰাষ্ট্ৰ সংঘৰ লগতে নাইৰোবিৰ এক সংস্থাইও এই আশংকাৰ কথা শুনাইছে।
বিশ্বজুৰি লক্ষাধিক লোকৰ প্ৰাণ কাঢ়িয়েই ক্ষান্ত থকা নাই ক’ৰোণা ভাইৰাছ। ক’ৰোণাৰ অধিক সুদূৰ প্ৰসাৰী প্ৰভাৱত পৰিবলৈ আগবাঢ়িছে বিশ্ব। পূৰ্বতেই ইয়াৰ ইংগিত প্ৰদান কৰিছিল ৰাষ্ট্ৰ সংঘই। এইবাৰ নাইৰবিৰ এক সংস্থা oxfam-এ সমীক্ষা চলাই জনাইছে, বিশ্বৰ ৫০ কোটি মানুহক দাৰিদ্র্যৰ মুখলৈ ঠেলি দিব পাৰে ক’ৰোণাই।
Oxfameৰ প্ৰতিবেদন মতে, ১৯৯০ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বজুৰি দাৰিদ্র্য বাঢ়িব পাৰে। চৰম অৰ্থনৈতিক সংকটত আৰু ৫০ কোটি লোক নতুনকৈ চৰম দাৰিদ্র্যৰ সৈতে যুক্ত হ’ব। ক’ৰোণাৰ প্ৰকোপত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাই হ’ব ১২০ কোটিৰ ওচৰা-ওচৰি।












