ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ দেশতে লকডাউন৷ আন সকলোৰে লগতে খেলা জগতখনো বন্ধ৷ সকলোৰে হাতত অপাৰ সময়৷ এনে সময়ত বিভিন্নজনে নিজকে বিভিন্ন কামত জড়িত কৰিছে৷ এই সময়চোৱাত নাই জিম, নাই প্ৰশিক্ষণ, নাই নিয়ম মাফিক কামকাজ৷ হাতত প্ৰচুৰ সময়৷ এই সময়ৰ সদ ব্যৱহাৰ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন পেচ বলাৰ কাৰছন ঘাব্ৰীয়ে৷ এতিয়া লাভ কৰা প্ৰচুৰ সময় ঘাব্ৰীয়ে ব্যৱহাৰ কৰিছে আত্মজীৱনী লিখাত৷ সদ্য ৰঞ্জী জয়ী সৌৰাষ্ট্ৰ দলৰ প্ৰশিক্ষক ঘাব্ৰীয়ে আৰৱ সাগৰৰ পাৰত বহি নিজৰ ক্ৰিকেট জীৱনৰ কথাবোৰ গল্প কৰিছে৷
আনহাতে কম্পিউটাৰত নহয়, কাগজত লিখি গৈছে তেওঁৰ জীৱনৰ কাহিনী৷ ক্ৰমশঃ স্পৰ্শ কৰিছে ক্ৰিকেট জীৱনৰ নানান ঘটনা৷ পাণ্ডুলিপি শেষ হ’বলৈ বছৰ লাগিব পাৰে৷ তাৰ পাছত কম্পউজ কৰা, প্ৰেছত প্ৰিণ্টিং কৰাৰ কথা আছেই৷ উল্লেখ্য যে ঘাব্ৰী বৰ্তমান মুম্বাইতে আছে৷ মুম্বাইৰ ঘৰতে আছে প্ৰাক্তন ক্ৰিকেটাৰজন৷ ঘৰৰ বাহিৰ হোৱাৰ প্ৰশ্ন নুঠে৷ ক’ৰোনা ভাইৰাছ আহি দেহত আশ্ৰয় ল’ব পাৰে৷ নিজে সতৰ্ক হৈ আছে৷ আনকো সতৰ্ক হ’বলৈ কৈছে প্ৰাক্তন ক্ৰিকেট খেলুৱৈজনে৷ তেওঁ আশা কৰে এই কঠিন সময় দ্ৰুতভাৱে শেষ হ’ব৷ পৰিস্থিতি স্বাভাৱিক হৈ উঠিব৷
এনে সময়ৰ সদ ব্যৱহাৰ কৰি আত্মজীৱনী লিখাত ব্যস্ত প্ৰাক্তন ক্ৰিকেটাৰজন৷ আত্মজীৱনীখন শেষ কৰিবলৈ এবছৰ লাগিব৷ উল্লেখ্য যে ১৯৫১ চনৰ ২৮ ফেব্ৰুৱাৰীত গুজৰাটৰ ৰাজকোটত কাৰছন ঘাব্ৰীৰ জন্ম হৈছিল৷ সেই ৰাজকোটতে কেইটামান সপ্তাহৰ আগেয়ে প্ৰশিক্ষক হিচাপে আকৌ এবাৰ ৰঞ্জী জিকালে তেওঁ৷ সৌৰাষ্ট্ৰৰ খেলুৱৈয়ে চেম্পিয়ন হোৱাৰ লক্ষ্যৰে খেলে বুলি তেওঁ কয়৷ ব্যক্তিগতভাৱে এয়া তেওঁৰ চতুৰ্থ ৰঞ্জী জয়৷ ১৯৭৫-৭৬ চনত দিল্লীক হৰুৱাই ৰঞ্জী জয় কৰিছিল৷ তেতিয়া তেওঁ বোম্বাই (এতিয়া মুম্বাই)ৰ হৈ খেলিছিল৷ দ্বিতীয়বাৰ ৱায়াংখেৰ ষ্টেডিয়ামত পশ্চিম বংগক পৰাস্ত কৰিছিল৷ সেয়া ১৯৯৪ চনৰ কথা৷ তেতিয়া তেওঁ বোম্বাইৰ প্ৰশিক্ষক আছিল৷
২০০১-০২ চনত বোম্বাইৰ নিৰ্বাচক হিচাপে ৰঞ্জী জয়ৰ সোৱাদ পায়৷ বৰ্তমানে সৌৰাষ্ট্ৰৰ প্ৰশিক্ষক হিচাপে ৰঞ্জী জয় কৰে৷ উল্লেখ্য যে ঘাব্ৰীয়ে লিখা আত্মজীৱনীৰ নাম বৰ্তমানেও থিৰাং কৰা নাই৷ আত্মজীৱনীৰ শেষ অংশত আছে এটাই৷ সেয়া হ’ল সৌৰাষ্ট্ৰৰ হৈ ৰঞ্জী জয়৷ ৭০ বছৰত ভৰি দিয়াৰ পথত থকা ঘাব্ৰীয়ে ভাবিছে তেওঁ পুনৰ প্ৰশিক্ষকৰ দায়িত্ব নলয়৷ সেয়ে এতিয়া লিখাত গুৰুত্ব দিছে৷ উল্লেখ্য যে ১৯৭৪ চনত কলকাতা টেষ্টত অভিষেক হৈছিল কাৰছন ঘাব্ৰীৰ৷
তেওঁ ৩৯ খন টেষ্ট মেচ খেলিছিল৷ বাওঁহাতীয়া মিডিয়াৰ পেচ বলাৰজনে ১০৯ টা উইকেট লাভ কৰিছিল৷ চাৰিটা ইনিংছত পাঁচটাকৈ উইকেট লাভ কৰিছিল৷ ১৯৮১ চনত মেলৰ্বনত ভাৰতৰ জয়ত অন্যতম মুখ্য ভূমিকা আছিল ঘাব্ৰীৰ৷ মন কৰিব লগা যে সেইখন টেষ্টৰ দুয়োটা ইনিংছত অষ্ট্ৰেলিয়াৰ গ্ৰেগ চেপেলক তেওঁ পেভিলিয়নলৈ ঘুৰাই পঠাইছিল৷ তাৰে প্ৰথম ইনিংছত কেচ আৰু দ্বিতীয় ইনিংছত ব’ল্ড কৰিছিল৷
বেটিঙত তেওঁ বৰ৷বেয়া নাছিল৷ টেষ্টত তেওঁ দুটা অৰ্দ্ধ শতক কৰিছে৷ তদুপৰি ১৯ খন এদিনীয়াতো তেওঁ অংশ লৈছিল৷ ১৯৮১ চনত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয়৷ ১৯৮৪-৮৫ চন পৰ্যন্ত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলে৷ তাৰ পাছত প্ৰশিক্ষকৰ দায়িত্ব লয়৷ ক্ৰিকেট জীৱনৰ এক দীঘলীয়া অধ্যায়৷ এই দীঘলীয়া অধ্যায়ক লৈ লিখিছে আত্মজীৱনী৷ আগন্তুক দিনত পঢ়ুৱৈৰ হাতত আত্মজীৱনীখন তুলি দিব৷ এইখন আত্মজীৱনীত বহু পঢ়িব লগা কাহিনী থাকিব বুলি অপেক্ষা কৰি আছে বিভিন্নজনে৷













