ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছৰ বাবেই চাৰি মাহ পিছুৱালে বিশ্বৰ অন্যতম শীৰ্ষ পৰ্যায়ৰ খেল ফ্ৰান্স অ’পেন৷ এই টেনিছ প্ৰতিযোগিতাখন মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ পিছুৱাই দিয়া হৈছে৷ পেৰিছৰ ক্লে ক’ৰ্টত অনুষ্ঠিত এই টেনিছ প্ৰতিযোগিতাখন সূচী অনুসৰি ২৪ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে এই গ্লেণ্ড শ্লেমখন পিছুৱাই দিয়া হ’ল৷ উল্লেখ্য যে বিশ্বৰ বহু ক্ৰীড়া প্ৰতিযোগিতা ইতিমধ্যে ক’ৰ’ণা ভাইৰাছৰ বাবে পিছুৱাই দিয়া হৈছে৷













