ASSAM TIMES POST
গোলাঘাট বিশেষ
গোলাঘাট : আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাঙ্গণত ক্ৰীড়া সন্থাৰ সন্মানীয় বঁটা প্ৰদান কৰা হয়। প্ৰাক্তন ফুটবল খেলুৱৈ, সংগঠক তথা ভলীবল প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক খেলুৱৈ কেশৱ চন্দ্ৰ বৰুৱাক এই বৰ্ষত এই সন্মান প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাই। এই বঁটাত আছে এখন চেলেং, মানপত্ৰ, শৰাই আৰু নগদ পঞ্চাশ হাজাৰ টকা।
উক্ত বঁটা টি প্ৰদান কৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। লগতে উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা: অজিত বৰুৱা, উপ সভাপতি দীনেশ গগৈ, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ কৰি সন্থাৰ বিষয়ববীয়াৰ লগতে গোলাঘাটৰ বহুতো গণ্যমান্য ব্যক্তিসকল।













