ASSAM TIMES POST
গুৱাহাটী, ১৪ মাৰ্চঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সপোন দেখা ক্ৰীড়া ৰাজধানীত গুৰুত্বহীন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ তথা প্ৰথমজন অসমীয়া স্নুকাৰ অভিনৱ মহন্ত।বিশ্বত অভিজাত্য খেলৰ ভিতৰত অন্যতম স্নুকাৰত ইতিমধ্যে অভিনৱে প্ৰতিনিধিত্ব কৰিছে ভাৰতক। স্নুকাৰ দেশক প্ৰতিনিধিত্ব কৰি বিশ্ব চেম্পিয়নৰ সপোন দেখা পোন্ধৰ বছৰীয়া অভিনৱক আগবাঢ়ি যোৱাত এতিয়া দেখা দিছে অৰ্থ সংকটৰ গভীৰ প্ৰত্যাহ্বানে। উপায়হীন হৈ পিতৃ ডাঃ অশ্বিনী কুমাৰ মহন্ত আৰু মাতৃ ববিতা মহন্তই সংবাদমেল সম্বোধন কৰি একমাত্ৰ পুত্ৰ সপোন পূৰণ কৰা বাবে বিচাৰিব লগা হৈছে অর্থ সাহায্য তথা বিভিন্ন ব্যক্তি-প্ৰতিষ্ঠানৰ পৰা পৃষ্ঠপোষকতা।
দিছপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰা বিশেষ সংবাদমেলখনত অভিনৱক কাষতলৈ পিতৃ মহন্ত কয়- ”অভিনৱ এতিয়া আমাৰ সন্তান নহয় ৰাজ্যৰ লগতে দেশবাসী সন্তান। অসমৰ পৰা স্নুকাৰত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম তথা একমাত্ৰ অসমীয়া। পিতৃ-মাতৃ হিচাপে যিমান পাৰিছোঁ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এতিয়া আমাৰো সমস্যা হৈছে আগবঢ়াই নিবলৈ। বাধ্য হৈ তাৰ বাবে সাহায্য তথা পৃষ্ঠপোষকতা বিচাৰিছোঁ”।
উল্লেখ্য পিতৃয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ ভিতৰত এখন খেলত অংশগ্ৰহণ কৰা বাবে অভিনৱক প্ৰয়োজন হয় দুই-তিনি লক্ষাধিক টকা। যদি ভাৰতৰ বাহিৰত যাব লগা হয় তেন্তে তাৰ পৰিমাণ দুগুণ হয়।
গুৰুত্বপূৰ্ণ কথা এই যে অভিনৱে অনুশীলন কৰিব বাবে অসমত নাই কোনো সুবিধা। আনহে নালাগে অভিনৱে অনুশীলন কৰিবলৈ নাই উপযুক্ত এখন টেবুল। ফলত আৰক্ষী বিষয়াসকলে গুৱাহাটী মুখ্য কাৰ্যালয়ত খেলা বাবে থকা একমাত্ৰ স্নুকাৰ টেবুলখনতে অনুশীল কৰে অভিনৱে। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই সুবিধা প্ৰদান কৰা বুলি সংবাদমেলত উল্লেখ কৰে অভিনৱে।

ইফালে অহা ১০এপ্ৰিল পৰা ১৩এপ্ৰিলৰলৈকে বেলজিয়ামত অনুষ্ঠিত হ’ব লগা স্নুকাৰ এক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা ভাৰতক প্ৰতিনিধিত্ব কৰিব অভিনৱে। তাৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ৭লাখ টকা। কিন্তু পুত্ৰক আগবঢ়াই নিয়াৰ বাবে পিতৃ-মাতৃৰ হাতত এতিয়া অৰ্থৰ নাটনি।
উল্লেখ কথা এই যে মুখ্যমন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে সামান্য কিছু অৰ্থ সাহায্য অভিনৱক দিছিল যদিও সেইয়া এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও নহয়। লগতে আশ্বাস দিছিল অনাগত দিনত সহায় কৰা কথা কিন্তু দুৰ্ভাগ্যজনকভাৱে সোণোৱালৰ আশ্বাস কেৱল ঘোষণাতে আবদ্ধ হৈ থাকিল।
ইফালে আগন্তক প্ৰতিযোগিতাৰসমূহৰ লগতে অভিনৱৰ বিশ্ব চেম্পিয়নৰ সপোন পূৰণ কৰা বাবে ৰাজ্য চৰকাৰ লগতে বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠাৰ পৰা পিতৃ মহন্তই সহায় বিচাৰিছে।













