
হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত পুনৰ দুৰ্যোগ। ভূটানৰ পৰা নামি অহা সোণকোষ নদীৰ পানী বাঢ়ি উত্তৰ বংগ আৰু অসমৰ কিছু অংশত বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰশাসনেও এই সন্দৰ্ভত সকীয়াই দিছে। অৱশ্যে আকস্মিক বানৰ ফলত ভূটানৰ ক্ষতি হ’লেও উত্তৰ বংগৰ সোণকোষ নদীৰ জলপৃষ্ঠ বিশেষ বৃদ্ধি হোৱা নাই। ফলত আলিপুৰদুৱাৰ জিলাৰ ভূটানৰ সীমান্তৱৰ্তী কুমাৰগ্ৰাম ব্লকৰ বাসিন্দাসকলে স্বস্তিৰ নিশ্বাস এৰিছে।
বৃহস্পতিবাৰে সন্ধিয়া উত্তৰ-পশ্চিম ভূটানৰ গাছা জিলাত হিমবাহৰ পানী জমা হৈ গঠিত শিন্তাপু হ্ৰদ ভাঙি যায়। ফলত মো চু নদীত জলপৃষ্ঠ বৃদ্ধি পায়। এই আকস্মিক বানৰ ফলত ভূটানৰ কিমান ক্ষতি হৈছে সেয়া এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। প্ৰাৰম্ভিক খবৰ অনুসৰি, পুনাখাৰ এটা জলসিঞ্চন প্ৰকল্প আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। পুনাখা-গাছা পথৰ এটা অংশ পানীয়ে উটুৱাই লৈ যায়। হিমবাহৰ দ্বাৰা গঠিত বিপজ্জনক বুলি চিনাক্ত কৰা ভূটানৰ ১৭টা হ্ৰদৰ ভিতৰত শিন্তাপু অন্যতম।

২০২১ চনৰ ২৬ আগষ্টত এই হিমবাহৰ পানী হঠাৎ বৃদ্ধি পোৱাৰ বাবে আকস্মিক বান মো চু নদীত প্ৰৱেশ কৰে। নদীখনে নিজৰ গতি সলনি কৰে।
উত্তৰ বংগৰ ভূটানৰ সীমান্তৱৰ্তী জিলাকেইখনত বানৰ সতৰ্কবাণী জাৰি কৰাৰ পিছতে সোণকোষ নদীৰ পাৰৰ অঞ্চলসমূহৰ পৰা বাসিন্দাসকলক উলিয়াই সাহায্য শিবিৰলৈ লৈ যোৱা হয়। বহুতে আতংকিত হৈ ৰাষ্ট্ৰীয় ঘাইপথত নিশা কটায়। অৱশ্যে












