
তামিলাগা ভেট্ৰি কাঝাগামৰ (টিভিকে) নেতা এল ক্রিষ্টোফাৰক গ্ৰেপ্তাৰ। তামিলনাডুত এগৰাকী কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কন্যাকুমাৰী জিলাৰ কেন্দ্ৰীয় জিলা কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য। তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছিল। বৃহস্পতিবাৰে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি, টিভিকে নেতাজনে নাগেৰকইলৰ এখন কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলাইছিল। ছাত্ৰীগৰাকীয়ে মুলাচলৰ সহপাঠী এগৰাকীৰ সৈতে মহাবিদ্যালয়লৈ গৈ আছিল। ঘটনাৰ দিনটোত ছাত্ৰী দুগৰাকীয়ে কলেজৰ পৰা ঘৰলৈ উভতি অহা বাছৰ বাবে অপেক্ষা কৰি আছিল। বৰষুণো দি আছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ক্রিষ্টোফাৰৰ পূর্বতে ছাত্রীগৰাকীৰ সহপাঠীৰ সৈতে চিনাকি আছিল৷ দুয়োকে বাছলৈ ৰৈ থকা দেখি টিভিকে নেতাজনে গাড়ীখন ৰখাই তেওঁলোকক নিজৰ গাড়ীৰে ঘৰলৈ নিয়াৰ প্ৰস্তাৱ দিয়ে। ক্রিষ্টোফাৰে চিনাকি ছোৱালীজনীক মুলাচলত নমাই দিয়ে।

ইয়াৰ পিছত অভিযোগকাৰী ছোৱালীজনীক নিজৰ গাড়ীত লৈ কুলশ্বেখৰামৰ ঘৰলৈ ৰাওনা হয়। ছোৱালীজনীয়ে অভিযোগ কৰে যে ক্রিষ্টোফাৰে গাড়ীখন মাজবাটত ৰখাই তাৰ পিছত টিভিকেৰ নেতাজনে তেওঁক যৌন নিৰ্যাতন চলায়৷ তেওঁ গাড়ীৰ পৰা নামিবলৈ চেষ্টা কৰে। কিন্তু অভিযোগ অনুসৰি, টিভিকে নেতাগৰাকীয়ে তেওঁক বাধা দিয়ে। ইয়াৰ পিছত তেওঁক তেওঁৰ ঘৰৰ ওচৰত নমাই দিয়ে। ছোৱালীজনীয়ে ঘৰত সমগ্ৰ ঘটনাটো বৰ্ণনা কৰে। তেওঁ সহপাঠীকো এই কথা কয়। ইয়াৰ পিছত সহপাঠীৰ সৈতে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতে ক্রিষ্টোফাৰে নিজে লুকাই ফুৰিছিল৷ এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, অভিযোগ দাখিল কৰাৰ পিছদিনা ছোৱালীজনীয়ে অভিযোগ প্ৰত্যাহাৰ কৰি ক্রিষ্টোফাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ অনুৰোধ জনায়৷ এই পৰিৱৰ্তনৰ আঁৰত হেঁচা বা প্ৰভাৱ আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হয়। অৱশেষত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় ক্রিষ্টোফাৰক।













