
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে বৰ্তমানৰ ন্যায়াধীশ উজ্জ্বল ভূঞাক সমালোচনা কৰে। নিৰ্বাচন আয়োগে চলোৱা এছআইআৰ (SIR) প্ৰক্ৰিয়াক ৰাজহুৱাভাৱে সমালোচনা কৰিছিল ন্যায়াধীশ ভূঞাই। প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভায়ে উচ্চতম ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰা ন্যায়াধীশৰ এনে মন্তব্য কৰ্তৃত্বৰ বাহিৰত আৰু ন্যায়িক নৈতিকতাৰ বিৰুদ্ধে বুলি দাবী কৰে। দেওবাৰে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশ ভূঞাই এছআইআৰ প্ৰক্ৰিয়াক সমালোচনা কৰি কয়, “যদি কোনো প্ৰক্ৰিয়াৰ ফলত লাখ লাখ ভাৰতীয় নাগৰিকে ভোটাধিকাৰ হেৰুৱাই পেলায়, তেন্তে সেই প্ৰক্ৰিয়াটো স্বেচ্ছাচাৰী। ইয়াক আন কোনো যুক্তিৰে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।” তাৰ পিছত তেওঁ কয়, “কোনো কৰ্তৃপক্ষই তেনে কৰিব নোৱাৰে; কোনো আদালতে সমৰ্থন কৰিব নোৱাৰে।”

সোমবাৰে সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “বৰ্তমান এছআইআৰৰ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে। বিচাৰাধীন কোনো বিষয়ৰ ওপৰত বাহিৰত মন্তব্য দিব নোৱাৰি।” প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইকে ধৰি কেইবাজনো অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ মতে, আদালতৰ বাহিৰত কোনো ন্যায়াধীশে এনেদৰে কোনো সাংবিধানিক প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ দুগৰাকী প্ৰাক্তন ন্যায়াধীশ এছ এন ধিংৰা আৰু অৰ্শ সোধীয়েও প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ এই স্থিতি সমৰ্থন কৰি ন্যায়াধীশ ভূঞাৰ মন্তব্যক ‘এক্তিয়াৰ বহিৰ্ভূত’ বুলি অভিহিত কৰে।













