
আমগুৰি বাগিচাৰ (Amguri Tea garden) শ-শ শ্ৰমিকে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। যোৱা ৩০ আগষ্টত শ্ৰমিক কঢ়িওৱা খোলা বাহনৰ খুন্দাত নিহত হৈছিল আমগুৰি চাহ বাগিচাৰ ছাত্ৰ উমেশ টাচা আৰু গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল ভগ্নী দিপাঞ্জলী তাছা। সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ ওভতাৰ সময়তে ভাতৃ আৰু ভগ্নীক খুন্দিয়াইছিল শ্ৰমিক কঢ়িওৱা বাহনে। ঘটনাত নিহত হৈছিল ছাত্ৰজনৰ। ভগ্নীৰ অৱস্থা বৰ্তমানেও সংকটজনক। ঘটনা সন্দৰ্ভত দোষীক গ্ৰেপ্তাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদী লোকে ৰাজপথত টায়াৰ জ্বলাই দুঘণ্টা ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ।

আনহাতে হালোৱাটিং আৰক্ষীয়ে ইতিমধ্যে নাগালেণ্ডৰ পৰা জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাহনৰ চালকক। উল্লেখ্য যে, আমগুৰিৰ পৰা হালোৱাটিঙলৈ টিউচন কৰি ঘৰলৈ উভতি অহাৰ পথতেই সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। জানিব পৰা মতে, উমেশ তাছা আৰু দিপাঞ্জলী তাছা একেটা পৰিয়ালৰ ভাতৃ-ভগ্নী। দুয়ো ঘৰলৈ উভতি অহাৰ সময়তে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত এখন বাহনে তেওঁলোকক খুন্দা মাৰিছিল। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা AS06 BC 2051 নম্বৰৰ বাহন নাগালেণ্ডৰ পৰা জব্দ কৰিছে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালক বিমল তাঁতীক গ্ৰেপ্তাৰ কৰিছে।












