ASSAM TIMES POST
নিউজ ডেস্ক
মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰৱল উন্মাদনা পৰিলক্ষিত হ’ল৷ ইয়াৰ আগেয়ে মহিলা বিশ্ব কাপ ক্ৰিকেটত এনে উন্মাদনা হোৱা নাছিল৷ মহিলা বিশ্ব কাপ ক্ৰিকেটৰ ফাইনেলৰ আগেয়ে ৭০ কোটিৰো অধিক ক্ৰিকেটপ্ৰেমীয়ে ভিডিঅ’ চাইছে৷ ইয়াৰ আগেয়ে ২০১৭ চনত মহিলা ৫০ অভাৰৰ বিশ্ব কাপত ১০ কোটি লোকে ভিডিঅ’ চাইছিল৷
প্ৰতিযোগিতাত ছ’চিয়েল চিনেলত ৩ কোটি ৪০ লাখ লোকে প্ৰত্যক্ষ কৰিছে৷ মুঠ ১৬০ খন দেশৰ মানুহে চাইছে এই মহিলা বিশ্ব কাপ৷ সম্প্ৰচাৰ হৈছে টি ভি চেনেলত৷ উল্লেখ্য যে ভাৰতৰ পাছতে অষ্ট্ৰেলিয়াত সৰ্বাধিক ক্ৰিকেট দৰ্শক আছে৷













